কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

গুৱাহাটী: ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি শুকুৰবাৰ, ২ মে’ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। অহা ৭ মে’ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো ভোটগ্ৰহণ। দুয়োটা পৰ্যায়ৰে ভোট গ্ৰহণ পুৱা ৭ বজাত আৰম্ভ হ’ব আৰু বিয়লি ৪.৩০ ত অন্ত পৰিব। অহা ১১ মে’ত ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনী ফলাফল।

২ মে’ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি জিলাত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মেট্ৰ), হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰঙত ৭ মে’ তাৰিখে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত এইবাৰ সৰ্বমুঠ ভোটাৰ ১ কোটি ৮০ লাখ ৩৬ হেজাৰ ৬৮২ গৰাকী। মুঠ ভোটাৰৰ ৯০ লাখ ৭১ হেজাৰ ২৬৪জন পুৰুষ, ৮৯ লাখ ৬৫ হেজাৰ ১০ গৰাকী মহিলা আৰু ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । জানিব  পৰা মতে, যোৱা পঞ্চায়ত নিৰ্বাচনৰ তুলনাত এইবাৰ প্রায় ১৩.২৭ শতাংশ ভোটাৰ বৃদ্ধি পাইছে ।

উল্লেখ্য যে ২০২৩ চনত সংশোধিত পঞ্চায়ত আইন অনুসৰি অনুষ্ঠিত হ'বলগা এই পঞ্চায়ত নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা সাধাৰণ বৰ্গৰ প্রার্থী ন্যূনতম হাইস্কুল শিক্ষান্ত বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক কৰা হৈছিল। আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য বা অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলে দশম শ্রেণী পৰ্যন্ত অধ্যয়ন কৰাতো বাধ্যতামূলক কৰা হৈছিল। একেদৰে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বাবে প্রার্থিত্ব আগবঢ়াব বিচৰা সাধাৰণ বৰ্গৰ প্ৰাৰ্থী কমেও উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক কৰা হৈছিল। লগতে, ২০১৮ চনৰ ১৯ মাৰ্চৰ পিছত ২ টাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীত্ব প্ৰত্যাশীক মনোনীত কৰা হোৱা নাই।

এইবাৰ মুঠ দুটা পৰ্যায়ত মুঠ ২১,৯২০ টা গাঁও পঞ্চায়তৰ সদস্য, ২১,৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্য পদৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই আসনসমূহৰ ভিতৰত ১০,৮৮৩ খন আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে।

উল্লেখ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপৰ প্ৰাৰ্থী সকল নিৰ্বাচনী দৌৰত যথেষ্ট আগবাঢ়ি আছে। এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমুখৰ পৰা নেতৃত্ব দি নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনী  প্ৰচাৰত বস্তুৰ দাম হ্ৰাস কৰাৰে পৰা বিভিন্ন আঁচনিৰো প্ৰতিশ্ৰুতি দিছে। ইতিমধ্যে জিলা পৰিষদৰ ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাথীয়ে জয় লাভ কৰিছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়তো ২৫৯ খন আসনত ভাৰতীয় জনতা পাৰ্টি আৰু ২৯ খন আসনত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে। লগতে, আঞ্চলিক পঞ্চায়তৰ ১ খন আসনত এআইডিইউএফ-এ, ১৩ খনত নিৰ্দলীয় প্ৰাৰ্থীয়ে আৰু ৯ খন আসনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে।

উল্লেখ্য যে এইবাৰ ভোটগ্ৰহণত ব্যৱহাৰ নহয় ইভিএমৰ। সম্পূৰ্ণ বেলট পেপাৰৰ দ্বাৰা এই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। লগতে ৰাজ্যিক নিৰ্বাচন আয়োগে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাৰ লগতে আঞ্চলিক আৰু জিলা পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ শপতনামা জিডিটেলাইজ কৰি ভোটাৰ ৰাইজে চাব পৰাকৈ ৰাজহুৱা ডমেইনত মুকলি কৰিছে। ইপিনে, ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই নিৰ্বাচনে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনৈতিক বতাহ কোন দিশে বলিব তাৰো এক ইংগিত দিব বুলি আশা কৰিছে ৰাজনৈতিক মহলে।