ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন স্থানত নাৰী আজি শাৰীৰিক নিৰ্যাতনৰ বলি হৈ আহিছে৷ কাৰ্যালয় হওক, গাড়ীৰ ভিতৰতে হওঁক নাৰী যেন কতো সুৰক্ষিত নহয়।
যিকোনো স্থানত যাত্ৰা কৰাৰ সময়ত বাছ,টেক্সি নতুবা ভাড়া কৰা গাড়ীত একাংশ চালক নতুবা অন্য লোকৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হয়৷ যাৰ ফলত দেশত নাৰী যে একেবাৰে সুৰক্ষিত নহয় তথা তেওঁলোকৰ যে নিৰাপত্তা নাইকিয়া হৈ পৰিছে সেয়া ইতিমধ্যে প্ৰমাণ হৈ পৰিছে৷
ঘৰৰ পৰা নাৰী ওঁলাই অহাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰাণালয়ে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা প্ৰতিখন যাত্ৰীবাহী বাছ, টেক্সি আৰু ৰাজহুৱা পৰিবহনত জিপিএছ আৰু ‘এলাৰ্ট বাটন’ লগোৱাটো বাধ্যতামূলক কৰে৷
কিন্তু এই নিয়মৰ আওঁতাত নপৰিব তিনিচকীয়া বাহন আৰু ই-ৰিক্সাসমূহ৷ বুধবাৰে পথ পৰিবহন মন্ত্ৰাণালয়ে ১ এপ্ৰিলৰ পৰা বাছৰ পৰা আৰম্ভ কৰি টেক্সি আদিত জিপিএছ লগোৱাটো বাধ্যতামূলক কৰে৷
মন্ত্ৰাণালয়ৰ উচ্চ পদস্থ বিষয়াই জনায় যে, যি সমূহ পৰিবহন যাত্ৰীসকলৰ নিৰাপত্তাক লৈ চিন্তাৰ কাৰণ দেখা যায় তাত এই ব্যৱস্থা থাকিব৷ অটো, ই-ৰিক্সাত যাত্ৰীৰ নিৰাপত্তাক লৈ ইমান চিন্তাৰ কোনো কাৰণ নাথাকে বুলি কয়।
প্ৰতিখন ৰাজ্যৰ পৰিবহন বিভাগকে দায়িত্ব দিয়া হ’ব এই ধৰণৰ সকলো যান-বাহনৰ গতিবিধিৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিবলৈ৷ যাতে কোনো ধৰণৰ সমস্যাত পৰি কোনো যাত্ৰী পেনিক বটন টিপাৰ লগে লগে সেইমূহুৰ্ততে আৰক্ষী কনট্ৰোল ৰুম তথা পৰিবহন বিভাগে অৱগত হ'ব।