গুৱাহাটীঃ ঘৰুৱা চিকিৎসাৰে ৰোগৰ বিধান দি অসমত জনপ্ৰিয় হোৱা আচাৰ্য পংকজ পাঠক আম আদমি পাৰ্টী (আপ)ত যোগদান কৰে।

দেওবাৰে আপৰ ৰাজ্যিক কাৰ্যালয়ত পাঠকে দলটোৰ নীতি-আদৰ্শৰ প্ৰতি মোহিত হৈ দলত যোগদান কৰে। নিউজ নেক্সেট ৱানক ৰাজ্যখনৰ দলীয় সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে পাঠকৰ আগমনে দলক শক্তিশালী কৰিব। তেওঁ লগতে কয় যে ৰাজ্য়ৰ বহুতো বিশিষ্ট লোকে আম আদমি পাৰ্টীত যোগদানৰ বাবে দলীয় নেতৃত্বৰ লগত যোগাযোগ কৰি আছে।

মন কৰিবলগীয়া যে পংকজ পাঠকে ঘৰুৱা চিকিৎসাৰ বিধান দি টেলিভিচনৰ পৰ্দাত জনপ্ৰিয়তা অৰ্জন কৰিলেও সময়ে সময়ে তেওঁ বিতৰ্কত মাজত সোমাই পৰাও পৰিলক্ষিত হয়।