newsnextone.com গোৰেশ্বৰঃ বাতৰি কাকতত বাতৰি প্ৰকাশ পোৱাৰ এদিন পূৰ্বেই কাকতৰ লে-আউট চোচিয়েল মিডিয়া যোগে ভাইৰেল কৰি সংবাদ মাধ্যমৰ গোপনীয়তা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে বাগসা জিলাৰ গোৰেশ্বৰৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰে। ৫ জুলাইত শুক্লা জলসিঞ্চন প্ৰকল্পৰ বঙলা প্ৰাংগনত এক সংবাদ মেল যোগে এই কথা স্পষ্ট কৰিছে ঠিকাদাৰ সুৰেন চন্দ্ৰ বড়োৱে।
উল্লেখ্য যে, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘নতুন প্ৰতিবিম্ব’ নামৰ কাকতখনত যোৱা ৪ জুলাই সংখ্যাত ঠিকাদাৰ সুৰেন চন্দ্ৰ বড়োৰ বিৰুদ্ধে প্ৰকাশিত এক বাতৰিত ঠিকাদাৰ জনে শুক্লা জলসিঞ্চন প্ৰকল্পত ব্যাপক দুৰ্নীতি কৰাৰ লগতে নিম্নমানৰ কাম কৰা বুলি প্ৰকাশ পায়। কিন্তু ৰহস্যজনকভাৱে ৪ জুলাইত প্ৰকাশিত এই বাতৰিৰ লে-আউট মোবাইলৰে তোলা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে তিনি জুলাইতে।