ডিজিটেল ডেস্কঃ বিশ্ব কঁপাই ফাদিল হ’ল কৰ ফাঁকি দি জমা কৰা বিশাল পৰিমানৰ ধনৰ তথ্য। সমগ্ৰ বিশ্বৰ সমুখলৈ আহিল চাঞ্চল্যসৃষ্টিকাৰী পেৰাডাইজ পেপাৰত থকা কৰ ফাঁকি দিয়া সকলৰ নাম। প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ নোটবন্দিৰ বর্ষপূর্তিৰ পূৰ্বে ওলাই পৰিল সকলোকে কঁপাই তোলা এই খবৰ। বিশ্বজোৰা আর্থিক কেলেংকাৰিৰ প্ৰমাণ দিলে ইন্টাৰনেচনেল কনচৰটিয়াম অফ ইনভেষ্টিগেটিভ জার্নেলিষ্ট (আইচিআইজে )৷ বিশ্বৰ ১০০টা সংবাদ সংস্থাৰ যৌথ তদন্তত পোহৰলৈ আহে প্রায় ১ কোটি ৩৫ লাখ নথিপত্ৰৰ বিপুল ভাণ্ডাৰ৷
