শিৱসাগৰঃ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত৷ জানিব পৰা মতে, শিৱসাগৰ চহৰৰ সমীপৰ পোনজান অালি নামৰ ঠাইত এটি পুলৰ দাতিত উদ্ধাৰ হয় পাৰবিন বেগম নামৰ মহিলা এগৰাকীৰ মৃতদেহ।
জেইনউদ্দিন অালিৰ পত্নী পাৰবিনে নিশা অাহাৰ গ্ৰহণ কৰি স্বামীৰ সৈতে একেটা কোঠাতে শুই পৰে৷ একেটা কোঠাতে শুই থকা স্বামীয়ে পুৱা সাৰ পাই দেখে বিছনাত পত্নী পাৰবিন নাই৷ স্বামীৰ সন্দেহ ওপজাত বিচাৰ-খোচাৰ কৰে যদিও পত্নীক বিছাৰি পাবলৈ সক্ষম নহয়৷