Home ৰাজ্যডিফু ইৰোডাইট একাডেমীৰ অধ্যক্ষ আৰু অভিভাৱকৰ মাজত হোৱা বিতৰ্কৰ অৱসান

ডিফু ইৰোডাইট একাডেমীৰ অধ্যক্ষ আৰু অভিভাৱকৰ মাজত হোৱা বিতৰ্কৰ অৱসান

by News Desk
A+A-
Reset
IMG-20180925-WA0009

newsnextone.com।ডিফু:সোমবাৰে ডিফুৰ ইৰোডাইট একাডেমী নামৰ এক ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু অভিভাৱকৰ মাজত হোৱা এক বিতৰ্কৰ আজি অৱসান ঘটে ৷ একাডেমীটোৰ প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ অভিভাৱকে সোমবাৰে বিয়লি এক সংবাদমেলৰ আয়োজন কৰি একাডেমীটোৰ অধ্যক্ষ জনৈক খাটনিয়াৰ আৰু তেওঁৰ পত্নী শ্ৰীমতী খাটনিয়াৰে তেওঁলোকৰ পুত্ৰক একাডেমীটোৰ শিক্ষকে শাৰিৰীক নিৰ্যাতন আৰু উত্তৰবহীত শিক্ষকে অশুদ্ধ উত্তৰতো শুদ্ধ চিহ্ন দিয়াৰ সন্দৰ্ভত অভিযোগ লৈ যোৱা সময়ত দূৰ্ব্যৱহাৰ কৰা আৰু তেওঁৰ পুত্ৰক টিচি দিয়াৰ ভাবুকি দিয়া বুলি কোৱাৰ পিছত এই খবৰ বিভিন্ন বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল ৷ ইয়াৰ পিছতে আজি একাডেমীটোৰ অধ্যক্ষই এই সন্দৰ্ভত ডিফু প্ৰেছ ক্লাৱত আন এক সংবাদ মেলৰ আয়োজন কৰি অভিভাৱকদ্বয় সুমন্ত নাথ আৰু সংগীতা নাথৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰ মিছা বুলি কয়৷ একাডেমীটোৰ কোনো বিদ্যাৰ্থীক শাৰিৰীক ভাবে নিৰ্যাতন বিহা নহয়, শিশু সকলক নিষ্ঠা আৰু সততাৰে শিক্ষাদান কৰে ,কোনো ভূল শিক্ষা দিয়া নহয় লগতে একাডেমীটোৰ সৰ্বত্ৰে চিচি টিভি কেমেৰা থকা বাবে বিদ্যালয়খনৰ সকলো কাৰ্যকলাপ ৰেকৰ্ডিং হৈ থাকে৷ উলোটাই অভিভাৱক গৰাকীয়েহে শিক্ষক আৰু অধ্যক্ষৰ সৈতে অভদ্ৰ আচৰণ কৰা বুলি অভিযোগ কৰে ৷ একাডেমীটোৰ এগৰাকী অভিভাৱকে বিদ্যালয় খনৰ সুব্যৱস্থা, অনুশাসন, আৰু শিক্ষাব্যৱস্থা উন্নত মানৰ বুলি সাক্ষ্য প্ৰদান কৰে ৷ সৰ্বশেষত অভিভাৱকদ্বয় নাথ দম্পতিয়ে নিজৰ ভূল বুজাবুজিৰ বাবে একাডেমীটোৰ শিক্ষক আৰু অধ্যক্ষৰ লগত বাক- বিতণ্ডতাৰ সৃষ্টি হৈছিল বুলি স্বীকাৰ কৰি নিজৰ অভিযোগ প্ৰত্যাহাৰ কৰাৰ লগতে সংবাদ মাধ্যমৰ সন্মূখত এক মীমাংসাৰ জৰিয়তে বিতৰ্কৰ অৱসান ঘটায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0