62
ডিজিটেল ডেস্কঃ কাশ্মীৰত শিল দলিওৱা প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে বনেটত কাশ্মীৰী যুৱক এজনক সেনাৰ জীপৰ আগত বান্ধি নিয়া ঘটনাই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে কাশ্মীৰত মানবধিকাৰৰ বিষয়টোক লৈ পুনৰ্বাৰ চিন্তিত কৰি তুলিছিল৷
গণতান্ত্ৰিক দেশ এখনত এনেদৰে জীপৰ আগত প্ৰতিবাদকাৰীক বান্ধি নিয়া দৃশ্য দেখি সমগ্ৰ বিশ্বতে ভাৰত সমালোচিত হোৱাৰ সময়তে দেশখনৰ শাসকীয় দলৰ এজন সাংসদৰ এক উদ্ভট মন্তব্যই সকলোৰে চকু কপালত তুলিছে৷