ডিজিটেল ৰিপ’ৰ্টঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে ইচ্ছাকৃত ভাৱে উত্তীৰ্ণৰ হাৰ বঢ়াই দিয়ে বুলি ইতিপূৰ্বে কৰা বিস্ফোৰক অভিযোগৰ পিছত আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক তিনিওটা শাখাৰ ফলাফল ৰহস্যজনকভাৱে নিম্নগামী হৈছে।
আজি ঘোষিত হোৱা ফলাফল অনুসৰি বিজ্ঞান শাখাত ৮৬.২৪ শতাংশ , বাণিজ্য শাখাত ৮২.৭২ আৰু কলা শাখাত ৭৩.১৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ হ’ল ৮০.৭০ শতাংশ।