newsnextone.com | ৰঙিয়াঃ অসমত চলাচল কৰা ৰেল সমূহৰ ৰেল যাত্ৰীৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ যোৱা ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলা লালীমাই দেৱীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ প্ৰায় ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হোৱাত ৰেল প্ৰশাসন আৰু অসমৰ প্ৰশাসনৰ বিৰুদ্ধে উত্থাপন হৈছিল বৃহৎ প্ৰশ্ন৷
ৰাজ্যখনত চলন্ত ৰেলত দু্ৰ্বৃত্তৰ হাতত বিগত সপ্তাহটোত দুগৰাকীকৈ মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনাৰ পিছত উত্তৰ পূৱ সীমান্ত ৰেলৱে’ কৰ্তৃপক্ষই ৮৪খন যাত্ৰীবাহী ৰেলত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা বুলি জানিব পৰা গৈছে৷ এই পৰ্যন্ত বিভিন্ন অপৰাধীক কাৰ্যৰ সৈতে জড়িত ৩৮জন লোকক বিভিন্ন ৰেলগাড়ী আৰু ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হোৱাৰ কৰাৰ লগতে বিভিন্ন ৰেল ষ্টেচনত ৮টা গোচৰো ৰুজু কৰা হৈছে৷ ৰেল সংমণ্ডল সমূহ সুৰক্ষাৰ ক্ষেত্ৰত কাঢ়া নজৰ ৰখা হ’ব৷ ইয়াৰ বাবে ৰেলগাড়ী আৰু ৰেল ষ্টেচনসমূহত সন্দেহজনক লোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ যিসমূহ ৰেল ষ্টেচনত চিচিটিভি কেমেৰাৰ ব্যৱস্থা নাই সেই সমূহত এই ব্যৱস্থা পৰ্যায়ক্ৰমে কৰাৰ দিহা কৰা হৈছে৷ এই কথা প্ৰকাশ কৰে ৰঙিয়া ৰেল ডিভিজনৰ ডি আৰ এম ৰবিলেশ কুমাৰ৷