মঙলদৈঃ প্ৰতিগৰাকী লোকক বিদেশ ভ্ৰমণৰ বাবে প্ৰয়োজন পাচপৰ্ট নতুবা পাৰপত্ৰ। কোনো লোকে এখন ভাৰতীয় পাৰপত্ৰ লাভ কৰাটো জটিল প্ৰক্ৰিয়া আছিল। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এগৰাকী আৱেদনকাৰীৰ বিষয়ে চৰজমিন তদন্ত কৰি নিশ্চিত হলেহে কোনো লোকক পাৰপত্ৰ প্ৰদান কৰে। চৰজমিন তদন্ত প্ৰক্ৰিয়াত আৱেদনকাৰীক স্থানীয় আৰক্ষী থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয় বিভিন্ন তথ্য পাতি দাখিল কৰিব লগা হয়৷

শেহতীয়াকৈ ভাৰত চৰকাৰে তেনে নিয়ম শিথিল কৰি সহজলভ্য কৰিছে পাৰ পত্ৰ প্ৰদানৰ ব্যৱস্থাটোক৷ দেশৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ পূৰ্বাঞ্চলত দেশৰ চৰকাৰে স্থাপন কৰিছে ডাকঘৰ পাৰ পত্ৰ কেন্দ্ৰ৷ বিদেশ ভ্ৰমণ সহজ লভ্য কৰাৰ লক্ষ্যৰে চৰকাৰে দেশৰ বিভিন্ন ঠাইত স্থাপন কৰিছে ডাকঘৰ পাৰ পত্ৰ কেন্দ্ৰ৷ দৰং জিলাৰ মঙলদৈত স্থাপন কৰে ডাকঘৰ পাৰ পত্ৰ কেন্দ্ৰ৷

শনিবাৰে মঙলদৈ ডাকঘৰ পাৰ পত্ৰ কেন্দ্ৰটো উদ্ধোধন কৰে মঙলদৈৰ সাংসদ ৰমেন ডেকাই৷ বৰাক উপত্যকাৰ শিলচৰৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰং জিলাত দ্বিতীয়টো কেন্দ্ৰ মুকলি কৰা হয়৷ সনাতন ধৰ্ম সভা প্ৰাংগনত অনুষ্ঠিত এখন সভাত সাংসদ ৰমেন ডেকাই দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ অন্তত কেন্দ্ৰটো লাভ কৰা বুলি কয়৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লোকৰ বাবে এই কেন্দ্ৰটো সহায়ক হ’ব বুলি কৈ এতিয়াৰ পৰা বিদেশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত এতিয়াৰ পৰা গুৱাহাটীলৈ যোৱাৰ প্ৰয়োজন নাই বুলি কয়৷

মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে কেন্দ্ৰটোৰ পৰা দৰং জিলাৰ লগতে ধেমাজিৰ পৰা ধুবুৰীলৈকে মানুহক সহায় কৰিব বুলি কয়৷ ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই প্ৰধানমন্ত্ৰীৰ বিশেষ আঁচনি ‘গ্লোৱেল ভিলেজ’ৰ অধিনত এই কেন্দ্ৰটো লাভ কৰা বুলি কৈ পূৰ্বে এখন পাছপৰ্ট বাবে দুবছৰ অতিক্ৰম কৰিব লাগিছিল বুলিও কয় শইকীয়াই৷

সভাত পাৰ পত্ৰ বিষয়া লবচাং চেৰিং, ডাক সেৱাৰ সঞ্চালক কে এভিচছা, দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত নৰণাৰয়ন নাথ, মঙলদৈৰ পৌৰপতি প্ৰতাপ বৰদলৈ উপস্থিত থাকে৷ ভাৰতৰ চৰকাৰৰ বৰ্হি পৰিক্ৰমা মন্ত্ৰণালয় আৰু ভাৰতৰ ডাকসেৱা বিভাগৰ যুটীয়া সচিব মঙলদৈ ডাকঘৰ পাৰপত্ৰ কেন্দ্ৰটো মুকলি কৰা হয়৷ কেন্দ্ৰটোত দুজন বিষয়া নিয়োগ কৰাৰ লগতে প্ৰতিদিনে ১৫ খনকৈ আৱেদন গ্ৰহণ কৰাৰ লগতে পৰীক্ষণ কৰিব৷