ছিপাঝাৰ/দলংঘাটঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা পশ্চিম দিশে প্ৰায় ১৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত পথৰুঘাট নামৰ ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৰোঁতে বৃটিছে চলোৱা গুলীত বহু কৃষকৰ মৃত্যু হৈছিল। দৰং জিলাৰ পথৰুঘাটত সংঘটিত এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ বুলি জনা যায়।
পথৰুঘাটৰ ৰণৰ স্মৃতি ইতিহাসৰ পৃষ্ঠাত সোণালি আখৰেৰে আজিও লিখা আছে৷ মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ ওলাই আহি মৃত্যুবৰণ কৰা কৃষকসকলক দেওবাৰে স্মৰণ কৰে দৰংবাসীয়ে৷ দৰং জিলা প্ৰশাসনে পাথৰিঘাট শ্বহীদ বেদীত অনুষ্ঠিত কৰা বিশেষ কাৰ্যসূচীৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।