চিচিবৰগাঁওঃ ডিব্ৰুগড় জিলা আৰু ধেমাজি জিলা সংযোগী বগীবিল ফেৰী ঘাটত যাত্ৰীয়ে আলাই-আথানি হোৱাৰ অভিযোগ উত্থাপন হৈছে। বগীবিল ঘাটৰ ফেৰীৰে ধেমাজি, লখিমপুৰ, জোনাইৰ লগতে অৰুণাচল প্ৰদেশৰ যাত্ৰীয়েও ডিব্ৰুগড় তথা অন্যান্য অঞ্চললৈ অহা-যোৱা কৰে। নদীপথ ব্যৱহাৰ কৰা অধিকাংশ যাত্ৰীয়েই চিকিৎসাজনিত কাৰণত ডিব্ৰুগড়লৈ অহা যোৱা কৰে।
চিন্তাৰ বিষয় এই যে ফেৰীসমূহত যাত্ৰীৰ সহায়ক হোৱাকৈ ন্যুনতম সুবিধাৰ অভাৱ। চৰকাৰী নিৰ্দেশক অৱমাননা কৰি অধিক যাত্ৰী আৰু যান বাহন কঢ়িয়াই ফেৰীসমূহে। ফেৰীসমূহত দুৰ্যোগৰ পৰা হাত সৰাৰ কোনো ব্যৱস্থা নথকাৰ লগতে ঔষধ, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদিৰ কোনো ব্যৱস্থা নাই৷