Printer-friendly version

 

অসমৰ চাহ বাগান অসমৰ গৌৰৱ... অসমৰ সম্পদ... অসমৰ সন্মান...। চালে চকুৰোৱা দূৰ দূৰণিলৈকে সেউজীয়া কেৱল সেউজীয়াই মানুহৰ কলিজাতো যেন সিঁচি দিয়ে সেউজবুলীয়া ৰং। দৃষ্টিনন্দন সেউজীয়াৰ মাজে মাজে থিয় হৈ থকা ওখ শিৰিষ গছে বঢ়ায় চাহ বাগানৰ সৌন্দৰ্য। ডাঙৰ ডাঙৰ টুকুৰী পিঠিত বান্ধি বুধুৱা-লচমীহঁতে দুহাতেৰে খৰকৈ চাহপাত চিঙি অসমৰ চাহ উদ্যোগক টনকিয়াল কৰাত কিমান সহায় কৰিছে সিহঁতে নিজেই নাজানে৷ মুখত কোনো কষ্টৰ চাপ নাৰাখি, প্ৰখৰ ৰ’দকো নেওচা দি ইহঁতে জানে কেৱল চাহবাগানত কাম কৰিবলৈ৷ সিহঁতে জানে মাথো এটাই কথা, কামকেইটা সোনকালে নকৰিলে আজি ৰাতি চৌকাত জুই নজ্বলিবও পাৰে৷ 

 

ৰাখিছোনে খবৰ বুধুৱা-লচমীহঁতৰ

 

অসমৰ ভূমিত বিশাল চাহ বাগিচা কৰাৰ লক্ষ্যৰে ১৮৩৭ চনত ইংৰাজে অসমত চাহ বাগিচা স্থাপন কৰিছিল। অসমত চাহ উৎপাদন হয় ১৮৫১ চনৰপৰা। অসমত পতা চাহ বাগানবোৰত শ্ৰমিক বা বনুৱা হিচাপে কাম কৰিবলৈ প্ৰথমৰেপৰা অসমৰ থলুৱা লোকসকলে ইচ্ছা প্ৰকাশ কৰা নাছিল। এনে পৰিপ্ৰেক্ষিতত ১৮৪১ চনত আসাম কোম্পানীয়ে ঝাৰখণ্ডৰ ‘চোটানাগপুৰ’ এলেকাৰপৰা বনুৱা আমদানি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পাছতো ওড়িশা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আদি ৰাজ্যৰপৰাও শ্ৰমিক আনিছিল। বিভিন্ন প্ৰলোভন, ছল-চাতুৰিৰে আৰু বলপূৰ্বকভাৱেও অনা হৈছিল শ্ৰমিকসকলক। হাড়ভঙা পৰিশ্ৰম, তাৰ বিনিময়ত সামান্য মজুৰি, লগতে আছিল মালিক পক্ষৰ অত্যাচাৰ।

 

নিষ্ঠুৰ নিৰ্যাতন-শোষণৰ মাজেৰেই অসমত আৰম্ভ হ’ল চাহ উদ্যোগ। তাৰ লগে লগে জন্ম হ’ল এক দাস জনগোষ্ঠীৰ৷  আজিও শ্ৰমিকসকলে দাসত্বৰ শিকলি ছিঙিব পৰা নাই৷ আজিও সকলোফালৰ পৰা শোষিত, লাঞ্ছিত-বঞ্চিত চাহ বাগান শ্ৰমিক৷ অন্ধকাৰৰ সৈতেই যাৰ একমাত্ৰ যুদ্ধ৷ ভৱিষ্যতেও পোহৰৰ ৰেশ দেখিবনে নাই উত্তৰ প্ৰজন্মই, সেয়াও সন্দেহাতীত৷ নাই থাকিবলৈ এটা ঘৰ৷ নাই এটুপি বিশুদ্ধ খোৱাপানী৷ নাই শিক্ষাৰ পোহৰ৷ ইংৰাজৰ সময়ৰে শোষণ-পীড়ন, অৱহেলা আজিও বৰ্তি আছে। কম মজুৰি, শিক্ষা সমস্যা, স্বাস্থ্য সমস্যা, শিশু শ্ৰমিক, ৰাজনৈতিক সুৰক্ষা আদি সমস্যাৰ সমাধানৰ বাবে বিভিন্ন সময়ত আন্দোলন গঢ় লৈ উঠিছে কিন্তু নাই কোনো তাৰ সমাধান৷ সমস্যাৰ পাহাৰ খহা নাই কেতিয়াও৷

 

আজিও শ্ৰমিকসকল ব্যৱহৃত হৈ আছে ভোট বেংকৰ স্বাৰ্থত। এটা কথাত কোনো দ্বিমত নাই যে চাহ শ্ৰমিক আদিবাসীসকলেই অসমৰ সবাতোকৈ শোষিত আৰু অৱদমিত জনগোষ্ঠী। সাধাৰণ মানুহৰ মাজত পৰিচিত তেওঁলোক ‘লেবাৰ’ বুলি৷ ‘লেবাৰ’ আৰু সাধাৰণ মানুহৰ মাজত যোগসূত্ৰই এতিয়াও শতযোজন দূৰত অৱস্থান কৰি আছে, ফলত ঔপনিৱেশিক যুগৰেপৰা এইসকল লোকে যি দাৰিদ্ৰ্য আৰু শোষণৰ বোজা বহন কৰি জীৱন নিৰ্বাহ কৰি আহিছে আজিও তাৰ বিশেষ গুণগত পৰিবৰ্তন ঘটা বুলি ক’ব নোৱাৰি। 

 

চাহবাগান জ্বলি থাকে

 

চাহ শ্ৰমিকৰ ওপৰত চলি অহা শোষণৰ ভৰে তেওঁলোকক কোঙা কৰে৷ প্ৰতিবাদ কৰিবলৈও সাহসে নুকুলায়৷ দুখ-কষ্ট পাহৰি থাকো বুলিয়েই তেওঁলোকে আশ্ৰয় লয় চুলাইৰ৷ তেনেকৈয়ে জন্ম পায় অসম কঁপাই যোৱা ‘চুলাই ট্ৰেজেডী’ৰ৷ ক্ষোভিত, নিষ্পেষিত চাহ শ্ৰমিকে উন্মত্ত হৈ আক্ৰমণ কৰে কেতিয়াবা মালিক পক্ষক৷ ফলত বাতৰি বিয়পি পৰে চৌদিশে অমুক বাগানত মালিকক হত্যা কৰিলে চাহ জনগোষ্ঠীয় লোকে৷ সৌ সিদিনা সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা টীয়ক চাহ বাগানত চিকিৎসক দেৱেন দত্তক চাহ শ্ৰমিকে মৰিয়াই মৰিয়াই হত্যা কৰা কথাটোকো এচামে ক’ব বিচাৰিছে এয়া শোষিত চাহ শ্ৰমিকৰ খং-ক্ষোভৰ বৰ্হিঃপ্ৰকাশ৷ খং ক্ষোভ যিমানেই থাকক লাগে এজন মানুহক হত্যা কৰা কথাটোক সুস্থ মগজুৰ কোনো মানুহে সমৰ্থন কৰিব নোৱাৰে৷ সেয়ে তেওঁলোক এতিয়া পৰিচিত মানুহৰ মাজত অসভ্য, বৰ্বৰ, জংঘলী, মানুহ হিচাপে৷ এনে সময়ৰ অৱসান ঘটিবনে কেতিয়াবা৷ নে এনেদৰেই জ্বলি থাকিব চাহবাগান!

 

চাহবাগানৰ জীয়া ছবিৰ কঠিন বাস্তৱ

 

টীয়ক চাহবাগানত চাহ শ্ৰমিকসকলে ৰ’দ-বৰষুণলে পিঠি দি দিনৰ দিনটো গেবাৰি খাটি পায় দৈনিক মজুৰি ১৬৭ টকা৷ কোনো শ্ৰমিক সময়তকৈ অলপ দেৰিকে উপস্থিত হ’লেই শ্ৰমিকজনৰ কাম দিনটোলৈ বন্ধ কৰি দিয়া হয়৷ তেওঁলোকক থাকিবলৈ বাগানৰ কোৱাৰ্টাৰ দিয়া হয় কিন্তু কোৱাৰ্টাৰৰ যি তথৈবচ অৱস্থা দেখিলেই মানুহৰ বিকচিনা ভাৱ আহে৷ পুতি দুৰ্গন্ধময় পৰিৱেশত বাসকৰা চাহ শ্ৰমিকসকলে কামৰ অন্তত ঘৰলৈ আহিবলৈও বোকা, পানী গচকি আহিব লাগে৷ কাৰণ পথৰ অৱস্থা ইমানেই কাহিল যে এজাক বৰষুণতে বোকা, পানী ওপচি পৰে৷ 

 

খোৱাপানীৰ নামত পানীৰ পাইপেৰে আহে লেতেৰা পানী৷ তাকে পান কৰি চাহ বাগানৰ মানুহ সঘনেই বেমাৰত আক্ৰান্ত হয়৷ অচিন ৰোগেও ছানি ধৰে৷ জীৱনৰ আধা সময় নৌ যাওঁতেই শ্ৰমিকসকলে জীৱনৰ পৰা মেলানি মাগে কেৱলমাত্ৰ অস্বাস্থ্যকৰ পৰিৱেশে জাপি দিয়া ৰোগৰ বাবে৷ বাগানৰ ফালৰ পৰা প্ৰতিমাহে ৬ কেজি চাউল আৰু ৬ কেজি আটা প্ৰদান কৰা হয় যদিও এটা পৰিয়ালৰ বাবে সেয়া পৰ্যাপ্ত নহয়৷ 

 

চাহ শ্ৰমিকসকলৰ কাম আৰম্ভ হয় পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ৷ এই ৮ ঘণ্টাৰ ডিউটিত ২৪ কেজি চাহপাত ছিঙাতো বাধ্যতামূলক৷  কেনেবাকৈ যদি কোনো শ্ৰমিকৰ ২৪ কেজিতকৈ অলপ কম হয় তেন্তে তেওঁ লাভ কৰে দিনটোৰ আধা মজুৰিহে৷ ১৬৭ টকাৰ মজুৰিত তেওঁলোকে পেটৰ জ্বালাই মাৰিবনে, প্ৰয়োজনীয় বস্তুয়েই কিনিব নে সন্তানকে পঢ়াব! ইয়াৰ পৰাও আধা কাঢ়িবলৈ হ’লে তেওঁলোকলৈ থাকিল কি! 

 

কোৱাৰ্টাৰসমূহ ব্ৰিটিছৰ দিনত যেনেদৰে সজা হৈছিল, এতিয়াও তেনে অৱস্থাতে আছে৷ নাই কোনো মেৰামতিকৰণ৷ ফলত জহি-খহি যোৱা কোৱাৰ্টাৰতে ৰ’দ-বৰষুণৰ সৈতে যুদ্ধ কৰি শ্ৰমিকসকলে জীৱন অতিবাহিত কৰিছে৷ শৌচাগাৰ ,গা ধোৱা ঘৰৰো নাই সুব্যৱস্থা৷ বিদ্যুৎ সংযোগো সকলো চাহবাগানতে হোৱা নাই৷ 

 

উল্লেখ্য যে ভাৰতীয় আইন অনুসৰি চাহবাগানৰ মালিকে শ্ৰমিকৰ বাবে থকা ঘৰৰ উপৰিও শৌচাগাৰ, গা ধোৱা ঘৰৰ ব্যৱস্থা কৰাতো অনিবাৰ্য... কিন্তু তাৰপাছতো? চাহবাগানত শ্ৰম কৰা মহিলা ৩৫ বছৰ বয়সতে বুঢ়ীৰ দৰে হয়, ইয়াৰ কাৰণ কি সেয়া সহজেই অনুমেয়৷  কেৱল পেটৰ ক্ষুধা নিবাৰণৰ বাবেই গ্ৰীষ্ম প্ৰৱাহকো আওকাণ কৰি চাহ শ্ৰমিকে একাণপতীয়াকৈ শ্ৰম কৰি যায়, কিন্তু তীব্ৰ গৰমৰ দহনে তেওঁলোকৰ শৰীৰ সুস্থ কৰি নাৰাখে৷ মূৰ ঘূৰোৱা, ডায়েৰীয়া, বমি হোৱা বাগানৰ বাবে এয়া সাধাৰণ কথাৰ দৰেই হৈছেগৈ৷ কিন্তু তেওঁলোকৰ খবৰ ৰাখিবলৈ, এফেৰি ঘূৰি চাবলৈ কাৰো সময়ো নাই... সদিচ্ছাও নাই৷ অসমত আছে প্ৰায় ৮০০খন চাহ বাগান৷ এয়াই কম বেছি পৰিমাণে প্ৰত্যেকখন বাগানৰে জীয়া ছবি৷

 

ৰামেশ্বৰ তেলীৰ অভিমত

 

কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী এগৰাকী চাহ জনগোষ্ঠীয় লোক৷ মন্ত্ৰীগৰাকীৰ মতে  কোনো বাগানতে মালিক পক্ষই শ্ৰমিকৰ সুযোগ সুবিধাৰ প্ৰতি লক্ষ্য নাৰাখে৷ চাহবাগানৰ চিকিৎসালয়সমূহতো নাথাকে পৰ্যাপ্ত স্বাস্থ্য সেৱা তথা প্ৰয়োজনীয় ঔষধ৷ আমি চাহ শ্ৰমিকৰ মজুৰি বঢ়াবৰ কাৰণে বাগানৰ মালিক পক্ষৰ লগত কেইবাবাৰো কথা পাতিছো কিন্তু তেওঁলোকে পোনছাটেই এই কথা নাকচ কৰে৷

 

বহুত চাহ বাগান ইতিমধ্যে বন্ধ হৈ গৈছে৷ পশ্চিম বংগত এতিয়ালৈকে ৪০খন বাগান বন্ধ হৈছে৷ চৰকাৰে চাহ জনগোষ্ঠীয় যুৱক-যুৱতীসকলৰ সুবিধাৰ বাবে আগবাঢ়ি আহিছে৷ যুৱতীসকলৰ বাবে নাৰ্চিং কৰ্চৰ ব্যৱস্থা আৰু যুৱকসকলক অট’ৰিক্সা প্ৰদান কৰা হৈছে যাতে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে৷ ইয়াৰ বাহিৰেও চাহ জনগোষ্ঠীয় লোকৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে৷ 


উল্লেখ্য যে ১৮৪১ চনৰ পৰা আজিপৰ্যন্ত চাহ শ্ৰমিকে প্ৰাপ্য ন্যায় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ যেতিয়ালৈকে তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি কৰা নহয় তেতিয়ালৈকে চাহ শ্ৰমিকৰ জীৱনৰ স্তৰত কোনো পৰিৱৰ্তন নাহে৷  

 

বিবিচিৰ আগত ববিতাৰ উচুপনি

 

বিবিচিৰ সৈতে হোৱা কথা বতৰাত টীয়ক চাহবাগানৰ মহিলা চাহ শ্ৰমিক ববিতা গোৱালাই কয়, ‘‘চাওক কেনে ভঙা চিঙা ঘৰত আমি জীৱন কটাইছো৷ বৰষুণ আহিলেই আমাৰ চিন্তা হয়৷ ঘৰৰ চালেৰে বৰষুণৰ পানী সৰি গোটেই ঘৰ বুৰাই পেলায়৷ এনেকুৱা দিনত সন্তানৰ পেটৰ ভোক মাৰিবলৈকে আনৰ ঘৰত গৈ ৰন্ধা-বঢ়া কৰি আনিবলগীয়া হয়৷ ঘৰৰ নামত কেৱল জঁকাটোহে আছে, নাই এখনো দুৱাৰ-খিৰিকী৷ শৌচাগাৰ, গা ধোৱা ঘৰ জহি খহি নোহোৱা হোৱা বহুদিনেই হ’ল৷ এই কাম বাহিৰতে সমাপন কৰিবলগীয়া হৈছে৷ ইমান ৰ’দত কাম কৰি ভাগৰি জুগৰি আহি যেতিয়া এনে এটা ঘৰত সোমাবলগা হয় চকুপানী টুকাৰ বাহিৰে আৰু কৰিবলগীয়া একো নাথাকে৷’’

যোৰহাটৰ সমীপৰ মেলেং চাহ বাগানৰ চাহ জনগোষ্ঠীৰ স্নাতক মহলাৰ ছাত্ৰ নছিব গছায়ে বিবিচিক কয়, ‘‘মোৰ দেউতা মেলেং চাহ বাগানৰ অস্থায়ী শ্ৰমিক৷ আমাৰ ঘৰত চাৰিজন সদস্য৷ দেউতাই দৈনিক মজুৰি পায় ১৬৭ টকা৷ এই সামান্য টকাৰে দেউতাই ঘৰেই চম্ভালিব নে মোকেই পঢ়াব! বহু কষ্টৰে আমি জীয়াই আছো৷ চাহ জনগোষ্ঠীৰ পৰা বহু ডাঙৰ ডাঙৰ নেতা ওলাইছে কিন্তু আমাৰ বাবে তেওঁলোকে একো কৰা নাই৷ সদায় এনেদৰেই থাকিলে ময়ো পঢ়া-শুনা বাদ দি মজদুৰী কামতে ধৰিব লাগিব কাৰণ ঘৰতো চলাবই লাগিব...৷’’

'মই পুৱা ৫ বজাত উঠি কামৈ যাবলৈ সাজু হও। উঠিয়েই ঘৰুৱা কাম কৰি ছোৱালীৰ বাবে ভাত ৰান্ধো। মোৰ তিনিজনী ছোৱালী। তাৰে দুজনী স্কুললৈ যায়। তাৰ পিছত মই ৭.৩০ত বাগানলৈ যাও, নহ’লে বাবুৱে দেৰি কৰিলে গেটৰ পৰাই পঠিয়াই দিয়ে। দেহা পুৰি নিয়া ৰ’দত বাগানত পাত ছিঙাতো কিমান যে টান। তাৰ বাবে দিনে ১৬৭ টকাকৈ হাজিৰা পাও। আপুনিয়েই চাওক, পাত ছিঙোত ছিঙোতে মোৰ আঙুলি কেনেকৈ কাট খাই গৈছে। কিন্তু কি কৰিম, কাম নকৰিলে পেট কেনেকৈ ভৰিব?’- এইদৰে কৈ ভাবুক হৈ পৰে লখিমণি ৰাজৱাৰ নামৰ এগৰাকী ৩৫ বৰ্ষীয় মহিলা শ্ৰমিক।

 

চৰকাৰৰ কৰণীয়

 

কেন্দ্ৰত মোডী চৰকাৰ আহিলেই চাহ শ্ৰমিকৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰা ৩৫১ টকা কৰাৰ কথা ঘোষণা কৰিছিল৷ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা এই কথা ঘোষণা হৈয়ে থাকিল৷ আজিলৈকে কাৰ্যকৰী নহ’ল৷ ফলত প্ৰত্যেক চাহ বাগানৰ শ্ৰমিকসকলৰ মাজত বৃদ্ধি পাইছে হতাশা, নিৰাশা, ক্ষোভ৷  প্ৰতিশ্ৰুতি দিয়া মতেই কাম কৰাতো চৰকাৰৰ নৈতিক দায়িত্ব। সেই কথা চৰকাৰে পাহৰিলে জানো হ’ব! 

 

আমিও যেন দেখিও নেদেখো...শুনিও নুশুনো 

 

চাহ শ্ৰমিক এজনে নিজৰ জীৱনটোত কি লাভ কৰে সেয়া আমি ইমানদিনে নজনা নহয়৷ দেখি আহিছো, শুনি আহিছো কিন্তু কৰাৰ নামত কি কৰিছো? চাহ শ্ৰমিকসকলে ভাবে যে তেওঁলোকৰ প্ৰাপ্য তথা ন্যায্য দাবীত মূলসুঁতিৰ অসমীয়া মানুহখিনিয়ে কিয় মাত নামাতে? তেওঁলোকৰ সক্ৰিয় সহায়-সহযোগিতাৰ অভাৱ কিয় আমাক লৈ? আমাৰ দুখ-দুদৰ্শাৰ কথা অনুমান কৰি অসমীয়া মানুহখিনিয়ে উল্লেখযোগ্য পদক্ষেপ ল’লে নিশ্চয় আমাৰ ন্যায্য দাবীয়ে মান্যতা পাব আৰু প্ৰাপ্তি আদায়তো সহজ হ’ব। আগতে ব্ৰিটিছে শোষণ কৰিছিল৷ তাৰপাছত ব্ৰহ্মপুত্ৰ নৈৰে বহু পানী বাগৰি গ’ল, কিন্তু ব্ৰিটিছৰ সেই যুগৰ অৱসান নহ’ল। একেদৰেই থাকি গ’ল অত্যাচাৰ আৰু শোষণৰ চৰিত্ৰ৷ এনে পৰিপ্ৰেক্ষিতত বৰ্তমান অসমৰ চাহ শ্ৰমিকসকলৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে মূলসুঁতিৰ অসমীয়াৰ সহযোগিতা একাম্তই আৱশ্যকীয় হৈ পৰিছে৷ অন্যাথাই অনাগত দিনত আমি মৰিয়াই মৰিয়াই চিকিৎসক হত্যা কৰাৰ দৰে আৰু অনেক অঘটন প্ৰত্যক্ষ কৰি থাকিবলগীয়া হোৱাৰ সম্ভাৱনাই অধিক।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us