newsnextone.com | বৰপেটাঃ প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্যবাসীক৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷

যোৱা ৭ সপ্তাহ ধৰি দেই পুৰি নিয়া গৰমে জনজীৱন ব্যাহত কৰি পেলাইছে যদিও বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে। গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪  ঘণ্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ৰাজপথত ওলোমাই ৰখা ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া এখন বেনাৰ ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰিছে ছচিয়েল মিডিয়াত৷ তাৰ মাজতে ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ অহা শক্ৰি মন্ত্ৰী তপন গগৈয়ে শপক গ্ৰহণ কৰিয়েই নিজ সমষ্টিলৈ গৈ ঘোষণা কৰিছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ কথা৷ মন্ত্ৰীৰ কথা যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷

যাৰ বাবে ৰাইজে এতিয়া মিছলীয়া মন্ত্ৰী আখ্যা দিয়ে তপনক৷ ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ বিৰুদ্ধে বৰপেটা জিলাৰ পাঠশালাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যালয় ঘেৰাও কৰি মন্ত্ৰী তপন গগৈক প্ৰতীকী শৱদেহ লৈ সমদল উলিয়াই শীঘ্ৰে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ দাবী জনায়৷