মৰিগাওঁঃ দীৰ্ঘদিন ধৰি অৰাজকতাই বিৰাজ কৰি অহা মৰিগাঁও অসামৰিক চিকিৎসলয়ত সংঘটিত হৈছে এক আজব কাণ্ড। স্বাস্থ্য বিভাগৰ নিৰ্দেশনাক ভেঙুচালি কৰি মৰিগাওঁ অসামৰিক চিকিৎসলয়ত একাংশ চিকিৎসকে ধনৰ বিনিময়ত যে দীৰ্ঘদীনে অতি গোপনে গৰ্ভপাতৰ ব্যৱসায় চলাই আহিছে সেইয়া চিকিৎসালয়ৰ এটা ঘটনাই পোহৰলৈ আনিছে।
আটাইতকৈ ডাঙৰ কথা বিভাগীয় ডাক্তৰ নহৈও এই ঘটনাত জড়িত হৈ আছে চিকিৎসালয় খনৰ একাংশ ডাক্তৰ। চিকিৎসালয় খনত চলি থকা এই অবৈধ গৰ্ভপাত ব্যৱসায়ৰ ফলতেই কালি এজন ৰোগীয়ে মৃত্যুক আকোৱালি লব লগীয়াত পৰে। ইতিমধ্যে অবৈধ গৰ্ভপাত কৰোৱা ব্যৱসায়ত জড়িত থকা মৰিগাঁও অসামৰিক চিকিৎসলয়ৰ চিকিৎসক জন হৈছে আব্দুল জলিল।