বাঘবৰঃ এখন চিকিৎসালয়ত মমবাতিৰ পোহৰেৰে চলিছে চিকিৎসা সেৱা৷ ৰোগীক চিকিৎসা কৰিবলৈ চিকিৎসা কৰ্মীয়ে হাতত মমবাতি লৈ ঘূৰিছে ইটোৰ পৰা সিটো কোঠা৷ ৰোগীৰ বিছনাৰ ওচৰত জ্বলাই দিয়া হৈছে মমবাতি।
এনে অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ত৷ টি আৰ পি শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ বিভাগে বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰাৰ লগতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জেনেৰেটৰ যোগান ধৰিব নোৱাৰাৰ ফলস্বৰূপে মমবাতিৰ পোহৰত চিকিৎসা কৰিবলগীয়া হৈছে ৰোগীক৷