বিহালীঃ সম্প্ৰতি বিশ্বনাথ জিলাত কেঁচা চাহপাতৰ দাম আকৌ কমি বৰ্তমান ১৩-১৪ টকা হৈছে। যি সময়ত খেতিয়কৰ উৎপাদনৰ খৰছ বাঢ়ি গৈ আছে, সেই সময়ত কেঁচা পাতৰ মূল্য কমি গৈ আছে।তাৰোপৰি বিভিন্ন সময়ত কোম্পানী আৰু বটলিফ ফেক্টৰীবোৰে বিভিন্ন অজুহাত দেখুৱাই খেতিয়কসকলৰ কেঁচা পাত ঘূৰাই পঠায়৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলাত থকা আটাইকেইখন আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা গোট হৈ বিশ্বনাথ জিলা ক্ষুদ্র চাহ খেতিয়ক সন্থা গঠন কৰিবলৈ আহ্বান জানাইছে কংগ্ৰেছে।
কাৰণ বিশ্বনাথ জিলা গঠন হোৱাৰে পৰা শোণিতপুৰ জিলাৰ লগত একগোট হৈ থাকি কাম কৰাৰ বিশেষ সুবিধা পৰিলক্ষিত হোৱা নাই। বিশ্বনাথ জিলাত টি মণিটৰিং কমিটি গঠন হ’ব লাগে আৰু সোনকালেই কেচা পাতৰ উচিত মূল্য নিৰ্ধাৰণ হ’ব লাগে।