Home ৰাজ্যকোকৰাঝাৰত শান্তি সভা, আৰু দুটা গোচৰ ৰুজু

কোকৰাঝাৰত শান্তি সভা, আৰু দুটা গোচৰ ৰুজু

by News Desk
50 views
A+A-
Reset

কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ফলত ৰাজ্যখনত যাতে অশান্তজৰ্জৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি কোকৰাঝাৰত এক সৰ্বদলীয় শান্তি সভা অনুষ্ঠিত হয়৷ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা সৰ্বদলীয় শান্তি সভাত উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে দুষ্কৃতিকাৰীৰ হাতত নিহত হোৱা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডত শোক প্ৰকাশ কৰি তদন্তৰ জৰিয়তে দোষীক শাস্তি বিহাৰ পোষকতা কৰে৷

ছাত্ৰ নেতাগৰাকীৰ হত্যাকাণ্ডই যাতে সমাজত কোনো দুষ্ট চক্ৰই বিষবাষ্প সৃষ্টি নকৰে তাৰ প্ৰতি সকলো ভাষা-ধৰ্মাৱলম্বীৰ লোকক সৰ্তকতাৰে শান্তিৰ হকে কাম কৰাৰ আহ্বান জনাইছে জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে৷ আজিৰ সৰ্বদলীয় সভাত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙেও অংশগ্ৰহণ কৰি লাফিকুলৰ হত্যাকাণ্ডৰ তদন্ত অসম আৰক্ষীৰ বিশেষ তদন্ত গোটৰ (এচআই টি )জৰিয়তে ক্ষিপ্ৰ গতিত চলাই থকা হৈছে বুলি সদৰী কৰি হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে কেইবাজনো ব্যাক্তিক গোপনীয়তাৰে সোধ-পোছ অব্যাহত ৰখা হৈছে বুলি সদৰী কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0