ইটানগৰঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত স্থিতি সলনি হৈছে৷ তেওঁ কয় যে বৰ্তমান পৰিস্থিতিত বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাটো উচিত নহ’ব৷ 

এই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগতো আলোচন কৰিছে৷ ৰাজ্যসমূহৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীৰ সৈতে সোমবাৰে অনুষ্ঠিত এক বৈঠকত অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী দুজনে ভাগ লৈছিল৷ 

বৈঠকৰ অন্তত পেমা খাণ্ডুৱে কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ সৈতে তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলত হৈ থকা হুলস্থূলীয় পৰিৱেশত এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব নালাগে বুলি অনুৰোধ জনাইছে৷

মন কৰিবলগীয়া যে পেমা খাণ্ডুৱে পূৰ্বে এই বিধেয়কখনৰ সন্দৰ্ভত মন্তব্য কৰিছিল যে ই আইনত পৰিণত হ’লেও অৰুণাচল প্ৰদেশত ইয়াৰ প্ৰভাৱ নপৰে৷ 

উত্তৰ-পূৰ্বাঞ্চলত বি জে পি শাসিত অসম আৰু ত্ৰিপুৰাক বাদ দি মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ বি জে পি চৰকাৰে এই বিধেয়কখনক শেহতীয়াকৈ বিৰোধিতা কৰা বা বিধেয়ক বিৰোধী আন্দোলনক গুৰুত্ব দিয়া দেখা গৈছে৷