67
ইটানগৰঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত স্থিতি সলনি হৈছে৷ তেওঁ কয় যে বৰ্তমান পৰিস্থিতিত বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাটো উচিত নহ’ব৷
এই সন্দৰ্ভত তেওঁ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগতো আলোচন কৰিছে৷ ৰাজ্যসমূহৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীৰ সৈতে সোমবাৰে অনুষ্ঠিত এক বৈঠকত অৰুণাচল আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী দুজনে ভাগ লৈছিল৷