newsnextone.com | বিলাসীপাৰাঃ ৰাজ্যৰ চৰ এলেকাত বিশুদ্ধ খোৱাপানী, ৰাস্তা-ঘাট, বাসস্থান, ৰেচন যোগান, বিদ্যুতৰ পোহৰ, শিক্ষা, স্বাস্থ্য খণ্ডৰ অৱস্থা কেনেকুৱা সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় চৰৰ লোকে৷ বহু চৰত বিদ্যুতৰ পোহৰ লাভ কৰাটো এক সপোনহে মাথোন৷ সন্তানৰ উপয়ুক্ত চৰকাৰী শিক্ষা, বোকা পানী নোহোৱা পথ লাভ কৰাটো আন এক সপোন৷
স্বাধীনতাৰ পিছৰে পৰা বান পানীৰ সৈতে যুঁজি থকা লোকসকলে জীৱন ধাৰণৰ নামত ন্যুনতম সুবিধা নোপোৱাৰ ফলত দুৰ্বিষহ দিন কটাবলগীয়া হয়৷ কিন্তু একাংশ লোকে দৰিদ্ৰতাৰ সুবিধা লৈ চৰৰ লোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ বাৰিষাৰ ৬ মাহ বানপানীৰ সৈতে যুঁজ কৰি সতি-সন্তানক পোহপাল দিয়া লোকসকলক গুৰুত্ব প্ৰদান নকৰে চৰ এলেকাক প্ৰতিনিধিত্ব কৰা সংখ্যালঘু দৰদী নেতাসকলে৷