49
নলবাৰীঃ নলবাৰীৰ পাইকাৰকুছিত আজি দুপৰিয়া ভাগত এটা পথ দূৰ্ঘটনা সংঘটিত হয়। জানিবলৈ পোৱা মতে বাইকেৰে অহা এজন লোক ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মৃত অৱস্থাত পৰি থকা দেখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷
লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত লোকজন জিলা খনৰে ঘগ্ৰাপাৰ বাঘমাৰাৰ বীৰেন দাস বুলি চিনাক্ত কৰা হৈছে।