59
ছিপাঝাৰঃ বৰষুণৰ বতৰ৷ এতিয়া যেন নৈৰ বাঢ়নী পানীত মাছ ধৰাৰ সময়৷ জকাইচুকৰ ডেকা-বুঢ়াই এতিয়া হাতত জাল লৈ মাছ ধৰিবলৈ যায়৷ বাঢ়নী পানীত মাছ ধৰিবলৈ গৈ আজি প্ৰাণ গ’ল দুগৰাকী লোকৰ৷
দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰত বন্ধুৰ সৈতে মাছ ধৰিবলৈ গৈছিল কেইবাগৰাকী লোকে৷ ধলপুৰত মাছ মাৰি থাকোতেই বজ্ৰপাত পৰি আহত হয় কেইবাগৰাকী লোক৷ বজ্ৰপাত পৰাৰ পাছতে হাহাকাৰ লাগে ধলপুৰত৷