টিংখাংঃ এজোপা ওখ গছৰ ওপৰত উঠি জিৰণি লৈ আছিল এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘে। বাঘটোৱে কৌতুহল সৃষ্টি কৰে টিংখাঙৰ শিশুমৰা গাঁৱত । যাদব বৰুৱা নামৰ এজনৰ ঘৰৰ বাৰীৰ গছৰ ওপৰত উঠি জিৰণি লৈ থকা বাঘটোক লোকজনে প্ৰত্যক্ষ কৰা পাছতে ওচৰ-পাজৰৰ শৰো অধিক লোক উলাই আহে বাঘ চাবলৈ।
খবৰ ভিত্তিত স্থানীয় আৰক্ষী আৰু খোৱাং বন সংমণ্ডলৰ বিষয়া সহ বন কৰ্মী দল উপস্থিত হয়। যদিও প্ৰায় ৫০-৬০ ফুট ওখ গছজোপাৰ ওপৰত থকা বাঘটোক নীৰৱ দৰ্শক হৈ চাই থাকিব লগা হয়।
ইয়াৰ মাজতে একাংশ লোকে বাঘটোলৈ লক্ষ্য কৰি শিল, লাঠি দলিয়াবলৈ ধৰে। বাঘটোক কেন্দ্ৰ কৰি গাঁওখনত বহু সময় ধৰি এক শ্বাসৰুদ্ধকৰ পৰিৱেশ বিৰাজ কৰি থাকে।