newsnextone.com | মঙলদৈঃ কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত দুজন অসমীয়া যুৱকক এচাম দুস্কৃতিকাৰীয়ে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই সকলো অসমীয়াৰ হৃদয়ত গভীৰ শোক দি থৈ গ’ল৷ এই ঘটনাই মানুহৰ মাজত যে এচাম অমানুহ আছে, সেয়াই প্ৰমাণ কৰিলে৷ ‘মই অসমীয়া’ বুলি চিঞৰি থকাৰ পিছতো এচাম অমানুহে নিৰ্মম ভাৱে প্ৰহাৰ কৰি দুজন চফল যুৱকক হত্যা কৰিছিল৷ যি ঘটনাই আজিও প্ৰতিজন হৃদয়বান লোকৰ চকুৰে অশ্ৰু নিগৰাই আছে৷

নীল-অভিৰ মৃত্যুৰ শোক পাহৰিবলৈ সক্ষম নৌহওতেই এইবাৰ ওদালগুৰি জিলাত এচাম মৰেল পুলিছৰ হাতত এজন যুৱক প্ৰহৃত হোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে পুনৰ এবাৰ মানুহৰ মাজত লুকাই থকা অমানুহৰ মুখাখন খোল খাই পৰা পৰিলক্ষিত হৈছে৷ এজন যুৱকক বান্ধি চৰ, ভুকু, কিল, গোৰ শোধাই অমানুষিক অত্যাচাৰ চলোৱা ঘটনাই পুনৰ এবাৰ চিন্তাৰ উদ্বেগ কৰিছে যে আধুনিকতাই মানুহক পশুতকৈ নীচ কৰি তুলিছে নেকি?

এই ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ কলািগাঁৱত৷ জানিব পৰা মতে, গৌৰীপুৰৰ বিজয় ৰায় নামৰ ২৩ বছৰীয়া যুৱকজনে কিবা কামত কলাইগাঁৱৰ এখন গাঁওলৈ গৈছিল৷ কিন্তু তাতেই একাংশ উদণ্ড লোকে যুৱকজনক আবদ্ধ কৰে আৰু যুৱকজনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি গণ প্ৰহাৰ কৰিবলৈ লয়৷

যুৱকজনক অসমীয়া হয়নে নাই, এনআৰচিত নাম আছেনে নাই আদি বিভিন্ন স্পৰ্শকাতৰ প্ৰশ্ন সুধি প্ৰহাৰ কৰা ভাইৰেল ভিডিঅ’টোত প্ৰত্যক্ষ হৈছে৷ যুৱকজনক উদণ্ড লোকসকলে প্ৰহাৰ কৰি থকাৰ ভিডিঅ’টো ছচিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিছতে এই কাণ্ডৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠে৷

আনহাতে, যুৱকজনে নিজকে কোচ ৰাজবংশী জাতিৰ বুলি চিনাকি দিয়াৰ পিছতো যুৱকজনৰ ওপৰত মৰেল পুলিছগিৰি চলোৱা কাৰ্যত ক্ষোভ প্ৰদৰ্শন কৰিছে বিভিন্ন কোচ-ৰাজবংশী দল-সংগঠনে৷ কোচ ৰাজ পৰিয়াল সংগঠনে যুৱকজনক প্ৰহাৰ কৰা কাণ্ডত জড়িত লোকসকল আটক কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাই সংগঠনৰ হৈ সম্পাদক কমল নাৰায়ণ দেৱে মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰে৷

আনহাতে ঘটনাৰ সৈতে জড়িত এজন অভিযুক্ত কলাইগাঁওৰ আদৰ্শ গাঁৱৰ বাসিন্দা পংকজ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে৷ এজন নিৰ্দোষী যুৱকক বিনা কাৰণত বান্ধি লৈ প্ৰহাৰ কৰা ঘটনাক বিভিন্নজনে গৰিহণা দি দোষীক আটক কৰিবলৈ দাবী জনাইছে৷