মোৰাঝাৰঃ আজমলৰ ভেটি কপাই আজি মোৰাঝাৰৰ দীঘলজাৰত শতাধিক এ আই ইউ ডি এফ কৰ্মীয়ে যোগদান কৰিলে শাসকীয় দল বিজেপিত৷ মোৰাঝাৰৰ দীঘলজাৰত বিজেপিৰ পূব বিন্নাকান্দি মণ্ডলৰ উদ্যোগত আজি বিয়লি অনুষ্ঠিত এক যোগদান সভাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শতাধিক কৰ্মীয়ে যোগদান কৰে৷
শাসকীয় বিজেপি দলত সংখ্যালঘু লোক গ্ৰহণ কৰাক বিজেপিৰ নেতা কৰ্মী সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে৷ বিজেপিৰ পূব মণ্ডলৰ সভাপতি পুতুল দাসৰ পৌৰহিত্যত অনুষ্ঠিত যোগদান সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে যুৱ নেতা আব্দুছ ছালামে।