দক্ষিণ শালমৰাঃ দিনক দিনে হিংস্ৰ হৈ পৰিছে নেকি মানুহ? মানুহৰ মনৰ পৰা নাইকীয়া গৈ গৈছে নেকি মৰম-ভালপোৱা-সৰলতা? কিয়নো আজিৰ সময়ত মানুহেই মানুহৰ প্ৰাণ হৰিছে৷ এজাক মানুহৰ হিংস্ৰতা সহিবলগীয়া হৈছে এজাক মানুহে৷ 

এইবাৰ এজাক মানুহৰ মৰেল পুলিচগিৰীত প্ৰাণ গ’ল এজন চোৰৰ৷ এই ঘটনা সংঘটিত হয় দক্ষিণ শালমৰাৰ ধেনাৰ কুটি নামৰ গাঁৱত৷ জানিব পৰা মতে শুকুৰবাৰে নিশা ধেনাৰ কুটিৰ গাঁৱৰ মতী শ্বেখ নামৰ ব্যক্তিজনৰ ঘৰত গৃহস্থৰ নিদ্ৰাৰ সুযোগ লৈ চোৰে প্ৰৱেশ কৰে৷

পিছে চোৰে ঘৰ সোমাওতেই গৃহস্থ সাৰ পাই চিঞৰ বাখৰ আৰম্ভ কৰাত ওচৰ চুবুৰীয়া গোট খায়৷ পিছত ৰাইজে চোৰৰ হাতে লোটে ধৰা পেলাই আৰক্ষীক গটাই নিদি উত্তম মাধ্যম সোধায়৷

ৰাইজৰ কিল-ভুকু সহিব নোৱাৰি শেষত চোৰজনৰ মৃত্যু ঘটে৷ নিহত চোৰজনৰ নাম আব্দুল গফুৰ বুলি জানিব পৰা গৈছে৷

ইফালে এই ঘটনাই সমগ্ৰ দক্ষিণ শালমৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷