52
দক্ষিণ শালমৰাঃ দিনক দিনে হিংস্ৰ হৈ পৰিছে নেকি মানুহ? মানুহৰ মনৰ পৰা নাইকীয়া গৈ গৈছে নেকি মৰম-ভালপোৱা-সৰলতা? কিয়নো আজিৰ সময়ত মানুহেই মানুহৰ প্ৰাণ হৰিছে৷ এজাক মানুহৰ হিংস্ৰতা সহিবলগীয়া হৈছে এজাক মানুহে৷
এইবাৰ এজাক মানুহৰ মৰেল পুলিচগিৰীত প্ৰাণ গ’ল এজন চোৰৰ৷ এই ঘটনা সংঘটিত হয় দক্ষিণ শালমৰাৰ ধেনাৰ কুটি নামৰ গাঁৱত৷ জানিব পৰা মতে শুকুৰবাৰে নিশা ধেনাৰ কুটিৰ গাঁৱৰ মতী শ্বেখ নামৰ ব্যক্তিজনৰ ঘৰত গৃহস্থৰ নিদ্ৰাৰ সুযোগ লৈ চোৰে প্ৰৱেশ কৰে৷