Home ৰাজ্যখেৰণি-ৰংপাংবঙত কেতিয়া নিৰ্মাণ হ’ব দলং, চৰকাৰে উত্তৰ দিয়ক কাৰ্বি আংলঙবাসীক

খেৰণি-ৰংপাংবঙত কেতিয়া নিৰ্মাণ হ’ব দলং, চৰকাৰে উত্তৰ দিয়ক কাৰ্বি আংলঙবাসীক

by News Desk
68 views
A+A-
Reset

newsnextone.com | খেৰণিঃ যোৱা দুটা বছৰে এখন দলং নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে এখন বিয়াগোম ৰাজ্য চৰকাৰ, এখন স্বায়ত্ত শাসিত পৰিষদে। সকলো সময়তে উন্নয়নৰ কথাকৈ অহা চৰকাৰে কামত কিমান মনোনিবেশ কৰিছে সেই কথা এনে খবৰৰ দ্বাৰা ওলাই পৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্যতম ব্যস্ত পথ খেৰণি-ৰংপাংবং গড়কাপ্তানী পথৰ আমৰেঙ নৈত নিৰ্মাণ কৰি থকা পকী দলঙৰ বাবে ৰাইজে প্ৰতিদিনে যমৰ-যাতনা ভোগ কৰি আহিছে। ৰাইজৰ দীৰ্ঘ দাবীৰ অন্তত তিনিটা বছৰ পূৰ্বে দলং নিৰ্মাণৰ বাবে ১২ কোটি ৫৩ লাখ টকা আৱণ্টন দিছিল চৰকাৰে।

 কিন্তু ঠিকা লাভ কৰা প্ৰতিষ্ঠানে নিজ ইচ্ছা মতে কাম কৰাৰ পিছতোঁ ধৰোতা কোনো নাই। যোৱা তিনিটা বছৰে নিজ ইচ্ছা মতে কেতিয়াবা কাম কৰিছে কেতিয়াবা এসপ্তাহলৈ কাম নকৰাকৈ আছে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। ইমানে নহয় নৈৰ দাতিত বহুওৱা খুঁটা বেকা হোৱা পৰিলক্ষিত হৈছে। যোৱা ২টা বছৰত ১০ শতাংশ কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0