ছৈখোৱাঃ তিনিচুকীয়া জিলাৰ শদিয়াত আকাশৰ পৰা এটি শিল সৰি পৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিলটোৱে ইতিমধ্যে এক প্ৰকাৰ দেৱতাৰ মৰ্যাদা লাভ কৰা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে, শদিয়া চাপাখোৱা চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ নতুন বালিজান গাঁৱৰ এখন পথাৰত যোৱা ৫ জুনৰ বিয়লি প্ৰায় ৪ বজাত প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ এটি শিল আকাশৰ পৰা সৰি পৰি প্ৰায় তিনি ফুট তললৈ সোমাই যায়।
পিছদিনা স্থানীয় লোকে উক্ত শিলটো খান্দি বাহিৰলৈ উলিয়াই আনি ভগৱানৰ দান বুলি পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে। আনহাতে এক বিশেষ সূত্ৰে খবৰ পাই আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ মূৰব্বী বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে উক্ত শিলটো এক উল্কাপিণ্ড বুলি নিশ্চিত কৰে।
তাৰকাগৃহৰ মূৰব্বী বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ নেতৃত্বত যোৱা দলটোৱে উল্কাপিণ্ডটো পৰীক্ষা-নিৰীক্ষাৰ বাবে যোৰহাট বিজ্ঞান কেন্দ্ৰলৈ আনিবলৈ বিচাৰিছিল যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰে। তেওঁলোকে সেয়া ভগৱানৰ দান বুলি দাবী কৰি পৰীক্ষা-নীৰিক্ষাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে।
পৰীক্ষা-নিৰীক্ষাৰ পৰিৱৰ্তে শিলাখণ্ডটোক পূজা-অৰ্চনা কৰিবলৈহে আৰম্ভ কৰে গাঁওবাসীয়ে। ফলত বিজ্ঞানীৰ দলটোৱে গাঁওবাসীৰ অন্ধবিশ্বাসক সন্মান জনাই খালী হাতেৰে ঘূৰি আহিবলৈ বাধ্য হয়।
বৰ্তমান উক্ত উল্কাপিণ্ডটো নতুন বালিজান গাঁৱৰ ত্ৰিলোচন গৌতম নামৰ এজন লোকৰ ঘৰত আছে বুলি জানিব পৰা গৈছে। বৰ্তমান লোকজনৰ ঘৰতে শিলাখণ্ডটোৰ পূজা-অৰ্চনা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে।