58
দিল্লীঃ আজি ঘোষণা হৈ থকা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক স্বাধীনতাৰ পিছৰ আটাইতকৈ বৃহৎ জয় আখ্যা দিছে বিজেপিৰ সভাপতি অমিত শ্বাহে৷ জনতাই বিজেপি চৰকাৰখনক স্বীকৃতি দিয়া বুলি এক সংবাদমেলত সভাপতিজনে মন্তব্য কৰে।
উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, গোৱা আৰু পাঞ্জাৱ এই পাঁচখনৰ ৰাজ্য ভিতৰত চাৰিখনতেই জয়ৰ সম্ভাৱনা প্ৰৱল হৈ উঠাৰ সময়তে অমিত শ্বাহে সংবাদমেলত কয় যে চৰকাৰখনৰ ভাল কামৰ বাবে এই পুৰস্কাৰ দিছে জনসাধাৰণে।