newsnextone.com | তামুলপুৰঃ বছৰ বছৰ ধৰি পুখুৰী সদৃশ গাঁতেৰে ভৰি থকা ৰাজপথৰে আহ-যাহ কৰিব লগীয়া হৈছে তামুলপুৰৰ ৰাইজে৷ উল্লেখ্য যে, বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ-ঘগ্ৰাপাৰ গড়কাপ্তানী সংযোগী জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোত এম্বুলেন্সত ৰোগী নিব নোৱাৰাৰ দৰে পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে সাধাৰণ লোকে যাতায়াত কৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে। ইমানে নহয় বৰ্তমান বহুল প্ৰচলিত বাহন টেম্প আৰু ই-ৰিক্সাত উঠিলে পথটোৰ গাতৰ বাবে মানুহৰ কঁকাল ভাঙিব বুলি সন্দেহ প্ৰকাশ কৰে।
সময়ে সময়ে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মডেল বিটিচিৰ কথা কয় যদিও পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী-ব্যৱসায়ী, চাকৰিয়াল আদিয়ে বিপদত পৰে৷ কিয়নো গাড়ীতোঁ বাদেই বাইক, চাইকলে চলোৱাৰো অনুপযোগী হৈ পৰিছে পথটো৷