62
উৰিয়ামঘাটঃ চকুৰ সন্মুখতে জাহ গ’ল এটি পথ৷ প্ৰতিদিনে শ-শ লোকে আহ-যাহ কৰা পথটো যেন ইতিহাস হ’ল৷ ৰাইজে পথটো ৰক্ষা কৰাৰ বাবে দাবী জনাই অৱশেশত ভাগৰি পৰিলে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দিয়া চৰকাৰ খনৰ যেন আহৰি নাই এটা পথ ৰক্ষা কৰিবলৈ৷ স্থীনায় জনপ্ৰতিনিধিগৰাকীয়ে নিৰ্বাচনৰ সময়ত বিলাসী গাড়ীৰ কনভয়ৰে ধূলি উৰুৱাই ভোট বিচাৰিব আহিছিল যদিও নিৰ্বাচন পাৰ হোৱাৰ পিছত ৰাইজে সাক্ষাৎ কৰিব নোৱাৰা হ’ল জনপ্ৰতিনিধিগৰাকীক৷
