newsnextone.com | ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পিছত পেট্ৰলিয়াম সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা সত্য প্ৰমাণিত কৰি বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম৷ 

সোমবাৰে দেশৰ ৪খন মেট্ৰ’ চহৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ বৃদ্ধি হ’ল পেট্ৰল আৰু ডিজেলৰ দাম৷ প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা বৃদ্ধি হোৱাৰ বিপৰীতে ডিজেলত বৃদ্ধি হয় ২২ পইচা৷ সমগ্ৰ দেশ জুৰি পেট্ৰল আৰু ডিজেলৰ এই নতুন দৰ লাগু হৈছে৷ 

দিল্লীত পেট্ৰলৰ নতুন দাম ৭৪.৯৫/লিটাৰ৷ কলিকতাত ৭৭.৬৫/লিটাৰ৷ মুম্বাই আৰু চেন্নাইত যথাক্ৰমে ৮২.৭৯/লিটাৰ আৰু ৭৭.৭৭/লিটাৰ ধাৰ্য্য কৰা হৈছে৷ 

আনহাতে অসমত পূৰ্বৰ ৭৬.৭৩ টকা প্ৰতি লিটাৰ মূল্যৰ পৰা সোমবাৰে বৃদ্ধি হৈ ৭৬.৮৭ টকা প্ৰতি লিটাৰ হৈছিল৷ মঙলবাৰে পুনৰ দাম বৃদ্ধি হোৱাত এই দাম ৭৭.০৩ টকা প্ৰতি লিটাৰ হয়৷ 

উল্লেখ্য যে, তৈল সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে তৈল সংস্থা সমূহক প্ৰদান কৰিছিল৷ প্ৰতিদিনৰ বৈঠকত সংস্থাসমূহে তেলৰ দাম বৃদ্ধি বা হ্ৰাস সম্পৰ্কে আলোচনা কৰি দাম নিৰ্ধাৰণ কৰে৷ 
 
কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত অশোধিত তেলৰ মূল্য উৰ্ধ্বমুখী হলেও এপ্ৰিলৰ পৰা প্ৰায় ২০ দিন তেলৰ দাম বৃদ্ধি হোৱা নাছিল৷ আৰু তেতিয়াই আশংকা কৰা হৈছিল যে কৰ্ণাটকৰ নিৰ্বাচন অন্ত পৰাৰ পিছতেই একেধাৰে তেলৰ দাম বৃদ্ধি হ’ব৷