newsnextone.com | তেজপুৰঃ এতিয়া পেট্ৰ’ল ডিপ’ত সোমালেই চকু ডাঙৰ হয় সাধাৰণ জনতাৰ। কিয়নো একেৰাহে বৃ্দ্ধি পাই আছে পেট্ৰ’ল ডিজেলৰ মূল্য। যেন এশৰ ঘৰতহে থমকি ৰ’ব পেট্ৰ’ল ডিজেলৰ দামে।
অসমতো শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বৃ্দ্ধি পালে ১২ পইচাকৈ। একে হাৰত বাঢ়িছে ডিজেলৰ দামো। ৯ পইচাকৈ প্ৰতিলিটাৰ ডিজেলৰ দাম বৃদ্ধি হৈ এক লিটাৰ ডিজেলৰ দাম হ’লগৈ ৭৫.৮০ টকা। আনহাতে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৮২.৭৫ টকা। স্থবিৰ হোৱাৰ নাম-গোন্ধেই নাই এই দুবিধ অপৰিহাৰ্য ইন্ধনৰ মূল্য। যাৰ বাবে এতিয়া অ’লা-উবেৰ চালককে ধৰি সাধাৰণ জনতাই মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে। সন্মুখীন হৈছে বহুতো অসুবিধাৰ।