Home দেশপেট্ৰ’ল পাম্পত তেল ভৰোৱাৰ সময়ত কৰ’নাৰ সংক্ৰমণৰ সম্ভাৱনা কিয় অধিক?

পেট্ৰ’ল পাম্পত তেল ভৰোৱাৰ সময়ত কৰ’নাৰ সংক্ৰমণৰ সম্ভাৱনা কিয় অধিক?

by News Desk
A+A-
Reset
tel-voroa

অনলাইন প্ৰতিবেদনঃ ভাৰতত ক্ৰমাৎ ক্ষিপ্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে কৰ’না আক্ৰান্তৰ সংখ্যা। লকডাউন কিছু শিথিল কৰিলেও ৰাজহুৱা স্থানত বহু লোক একগোট হোৱাত জাৰি কৰা নিষেধাজ্ঞা অব্যাহত আছে। কিন্তু পেট্ৰ’ল পাম্পসমূহ খোলা আছে আৰু শেহতীয়াকৈ গৱেষণাত এনে কথা পোহৰলৈ আহিছে যে পেট্ৰ’ল পাম্পত ভাইৰাছ কেবাদিনো ধৰি সক্ৰিয় হৈ থাকে।

ইউনিভাৰ্ছিটি কলেজ লণ্ডনৰ ভাইৰ’লজিষ্ট ডাঃ জে গ্ৰভে গৱেষণাৰ অন্তত কৈছে যে কোনো ধাতু বা প্লাষ্টিকেৰে তৈয়াৰী আৱৰণত কৰ’না ভাইৰাছ কেবাদিনো ধৰি সক্ৰিয় হৈ থাকে। যিহেতু পেট্ৰ’ল পাম্পৰ যতনসমূহ ধাতু বা প্লাষ্টিকেৰে তৈয়াৰী আৰু প্ৰতি মুহূৰ্ততে বিভিন্ন লোকৰ সমাগম ঘটি থাকে সেয়ে এই পেট্ৰ’ল পাম্পসমূহৰ পৰা ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। 

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সহায়ক ডমিনিক কামিঙে লকডাউনৰ সময়ত লণ্ডনৰ পৰা ডাৰহামলৈ যাত্ৰা কৰাৰ সময়ত পেট্ৰ’ল পাম্পত লকডাউনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ডমিনিকে অভিযোগ খণ্ডন কৰিলেও বহুতে দাবী কৰিছে যে উক্ত যাত্ৰাৰ সময়ত তেওঁ পেট্ৰ’ল পাম্পত ৰৈ নিজেই গাড়ীত তেলৰ ভৰাইছিল।

ডাঃ গ্ৰভে এই সন্দৰ্ভত কৈছে যে ডমিনিকৰ পৰা কোনো লোকলৈ কৰ’না ভাইৰাছ পেট্ৰ’ল পাম্পৰ জৰিয়তে সংক্ৰমিত হৈছে নে নাই সেয়া এতিয়াই নিশ্চিতকৈ ক’ব পৰা নাযায়। অৱশ্যে এটা কথা তেওঁ ডাঠি কয় যে পেট্ৰ’ল পাম্পৰ দৰে ঠাইসমূহত ভাইৰাছবিধ আন স্থানতকৈ অধিকসময় সক্ৰিয় হৈ থাকে যিটো নেকি চিন্তাৰ কাৰণ হ’ব পাৰে।

ডাঃ গ্ৰভে কৈছে, ‘যদিহে কোনো ব্যক্তিৰ হাতত ভাইৰাছ লাগি থাকে আৰু তেনে লোক যদি পেট্ৰ’ল পাম্পলৈ যায় তেতিয়া বিপদ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। কিয়নো পেট্ৰ’ল পাম্পৰ যতনসমূহ ধাতু আৰু প্লাষ্টিকেৰে তৈয়াৰী। সেয়ে তাত ভাইৰাছ বহুসময়লৈ সক্ৰিয় হৈ থাকে। ফলত পেট্ৰ’ল পাম্পলৈ অহা আন লোক সংক্ৰমিত হ’ব পাৰে। কেৱল পেট্ৰ’ল পাম্পেই নহয়, আন ধাতু আৰু প্লাষ্টিকজাত সামগ্ৰীৰ পৰাও এইধৰণে ভাইৰাছ বিয়পিব।’

নিজকে ছেনিটাইজ কৰক

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰত, গ্ৰেট ব্ৰিটেইন, চীনা, ইটালী, জাৰ্মানী সহ অধিকাংশ দেশতে লকডাউনৰ সহায় লোৱা হৈছে। সকলোকে ঘৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু অগত্য ওলাই আহিলেও সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে।

লাহে লাহে দেশসমূহে লকডাউন শিথিল কৰিবলৈ আৰম্ভ কৰিছে। কেবাখনো দেশে লকডাউন প্ৰত্যাহাৰো কৰিছে। ভাৰততো পৰ্যায়ক্ৰমে লকডাউন শিথিল কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থাই হৈছে ভাইৰাছৰ সংক্ৰমণক বাধা দিয়াৰ একমাত্ৰ ফলপ্ৰসূ উপায়। 

বহু দেশত কৰ’না ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্সসমূহ ভালদৰে ছেনিটাইজ নকৰাকৈ পেট্ৰ’ল পাম্পলৈ লৈ গৈ তেল ভৰোৱাৰ ফলত উক্ত স্থানৰ পৰা ভাইৰাছবিধ আন লোকলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক হ’ব পাৰে বুলি মন্তব্য কৰিছে ডাঃ গ্ৰভকে আদি কৰি কেবাগৰাকী ভাইৰ’লজিষ্ট আৰু মহামাৰী বিশেষজ্ঞই। ‘ভাৰতকে আদি কৰি বহু দেশত এম্বুলেন্সসমূহ ভালদৰে ছেনিটাইজ নকৰাকৈয়ে পেট্ৰ’লপাম্পলৈ লৈ গৈ তেল ভৰোৱাৰ কথা জানিব পৰা গৈছে। সেয়ে তেনে দেশসমূহত পেট্ৰ’ল পাম্পসমূহ কৰ’না সংক্ৰমণৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে।’-এইদৰে কৈছে ডাঃ গ্ৰভে।

সেয়ে পেট্ৰ’ল পাম্বলৈ যাবলগীয়া হ’লে তাত থকা কোনো সা-সামগ্ৰী নুচুবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞসকলে। সা-সামগ্ৰী চুবলগীয়া হ’লেও ভালদৰে নিজকে ছেনিটাইজ কৰিবলৈকো বিশেষজ্ঞসকলে কৈছে। পেট্ৰ’ল পাম্পত তেল ভৰোৱাৰ সময়ত আৰু তাৰ পৰা ওলাই অহাৰ পিছত হাত নুধুৱাকৈ নাক, কাণ, মুখ আৰু চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকিবলৈকো বিশেষজ্ঞসকলে আহ্বান জনাইছে। প্ৰয়োজনত গাড়ীখনো ছেনিটাইজ কৰিলে বিপদৰ সম্ভাৱনা কমিব পাৰে বুলিও মন্তব্য কৰিছে কেবাগৰাকী বিশেষজ্ঞই।  

ভাৰতৰ পেট্ৰ’ল পাম্পত সতৰ্কতামূলক ব্যৱস্থা কেনে?

ভাৰতত বৰ্তমান চতুৰ্থ পৰ্যায়ৰ লকডাউন অব্যাহত আছে। এই চতুৰ্থ পৰ্যায়ৰ লকডাউন পূৰ্বৰ তুলনাত কিছু শিথিল কৰা হৈছে। ইয়াৰ মাজতে কৰ’নাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১ লাখ ৩১ হাজাৰৰো অধিক। গ্ৰীণ জ’নসমূহত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ একপ্ৰকাৰ স্বাভাৱিক জীৱন-যাত্ৰাও আৰম্ভ হৈছে। গাড়ী-মটৰবোৰ চলিবলৈ লৈছে। ফলত পেট্ৰ’ল পাম্পসমূহৰ পৰা কৰ’না ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

লকডাউন কঠোৰ হৈ থকা সময়তো জৰুৰীকালীন সেৱা হিচাপে পেট্ৰ’ল পাম্পসমূহ খোলা আছিল। সেয়ে পেট্ৰ’ল পাম্পৰ পৰা যাতে ভাইৰাছবিধ সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাস্ক নিপিন্ধিলে তেল নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আল ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনে। এছ’চিয়েশ্যনৰ অধ্যক্ষ অজয় বাঞ্চালে ১৯ এপ্ৰিলত সংবাদ এজেন্সী এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই সিদ্ধান্তৰ কথা সদৰী কৰিছিল।

অসমৰ পেট্ৰ’ল পাম্পত কি চলিছে?

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায়সমূহ অঞ্চলতে বিভিন্ন কামত ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা অধিকাংশ লোককে মাস্ক পিন্ধি বাহিৰলৈ ওলোৱা দেখা গৈছে। পেট্ৰ’ল পাম্পসমূহতো মাস্ক পিন্ধিয়েই কৰ্মচাৰীসকলে ডিউটি কৰিছে আৰু গ্ৰাহকসকলেও মাস্ক পিন্ধিয়েই পেট্ৰ’ল পাম্পলৈ গৈছে।

কিন্তু মাস্ক পিন্ধি থাকিলেও গুৱাহাটী তথা আন ঠাইসমূহৰ পেট্ৰ’ল পাম্পত তেল ভৰাবলৈ যোৱাৰ সময়ত সামাজিক দূৰত্ব মানি চলোৱাত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। NNOৰ ভিন্ন প্ৰান্তৰ সাংবাদিকসকলে জনাইছে যে পেট্ৰ’ল পাম্পত তেল ভৰাবলৈ যোৱাৰ সময়ত বাইক আৰোহীসকলে দূৰত্ব বৰ্তাই নৰখাকৈ আগৰ দৰেকৈয়ে এখনৰ ওচৰত এখন বাইৰ ৰখাই তেল ভৰাইছে। এই ক্ষেত্ৰত পাম্পৰ কৰ্মচাৰী আৰু মালিকপক্ষয়ো কোনো বিশেষ গুৰুত্ব আৰোপ কৰা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0