বিশেষ প্ৰতিবেদনঃ কামৰূপ জিলাৰ বৰম্বৈ হাই মাদ্ৰাছাৰ ৫৪ বছৰীয়া শিক্ষক খবিৰুদ্দিন আহমেদ। সহকৰ্মী আব্দুল জলিলৰ বাইকত উঠি ২১ মে’ৰ দুপৰীয়া স্থানীয় বেংকলৈ গৈছিল মখনীয়াৰ এইগৰাকী শিক্ষক। বেংকলৈ গৈ থকা সময়তে মনাহকুছিত এজন চাইকেল আৰোহীৰ সৈতে দুৰ্ঘটনাত পতিত হয় জলিল আৰু খবিৰুদ্দিন। দুয়োজন এএছ ২৫পি ৪০৫০ নম্বৰৰ গ্লেমাৰ বাইকখনত গৈ থকা অৱস্থাতে মনাহকুছিৰ ওচৰত চাইকেল আৰোহী সনাতন ডেকাৰ সৈতে খুন্দা লাগে। এই মন্তব্য খবিৰুদ্দিনৰ পুত্ৰ জেহিৰুলৰ।

'চাইকেলখন আৰু আমাৰ দেউতাই উঠি যোৱা বাইকখন একে দিশৰ পৰা গৈ আছিল। দেউতাই কোৱা মতে চাইকেল চলোৱা লোকজন মাজ ৰাস্তাৰে গৈ আছিল। হৰ্ণ বজাই কাটিবলৈ লওতেই বাইক চলাই যোৱা জলিল ছাৰৰ দোধোৰ-মোধৰ লাগে। চাইকেল চলাই যোৱা মানুহজনৰো দোধোৰ-মোধোৰ লাগে। তাৰ পিছত চাইকেলখনৰ পিছচকা বাইকখনৰ আগ চকাত লাগে। লগে লগে দেউতা আৰু জলিল ছাৰ ৰাস্তাত বাইকসহ পৰি যায়। চাইকেল চলোৱা মানুহজনো ৰাস্তাৰ ছাইডত ছিটিকি পৰে।’-NNOৰ আগত এইদৰে কয় সেইদিনাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত শিক্ষক খবিৰুদ্দিনৰ পুত্ৰ জেহিৰুলে।

ফোনযোগে পিতৃয়ে দুৰ্ঘটনা হোৱা বুলি কোৱাৰ লগে লগে নিজৰ বাইকখনেৰে ঘটনাস্থলীত উপস্থিত হয় জেহিৰুল। তাৰ পিছত ওঁঠত গুৰুতৰভাৱে আহত জলিল আৰু হাত-মূৰ আদিত কিছু দুখ পোৱা পিতৃ খবিৰক হাজোস্থিত বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। 'মই যেতিয়া ঘটনাস্থলী পাইছিলো তেতিয়া জলিল ছাৰৰ অলপ বেছি ইনজিউৰ হৈছিল। দেউতাৰো হৈছিল। কিন্তু চাইকেল চলোৱাজন ৰাস্তাৰ ছাইডত পৰি যোৱা বাবে বেছি দুখ পোৱা নাছিল। তথাপি ১০৮ত ফোন কৰি হাস্পতাললৈ পঠিয়াই দিবলৈ কিছুমানে যো-জা চলাইছিল।-জেহিৰুলে কয়।


♦ দুৰ্ঘটনাত আহত শিক্ষক খবিৰ হাস্পতালত ভৰ্তি হোৱাৰ সময়ৰ প্ৰেছক্ৰিপশ্যনখন


জেহিৰুলে জনোৱা মতে, হাস্পতালত জলিলৰ ওঁঠত চিলাই কৰিবলগীয়া হৈছে। আনহাতে খবিৰ আহমেদো যথেষ্ট অসুস্থ হৈ পৰাত চিকিৎসকে বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। 'দেউতাৰ এবছৰেই হোৱা নাই লাংছত পানী জমা হোৱা বাবে অপাৰেশ্যন কৰাৰ। তাতে ডায়বেটিছ পেচেণ্ট। আজি ঈদৰ দিনটোত আমি অকণমানো হাঁহিব পৰা নাই। দেউতাক শিক্ষক হিচাপে সকলোৱে জানে। ইমানদিনে থানা দেখিয়েই পোৱা নাছিল। আজি এতিয়া এক্সিডেণ্ট কেছ এটাক মানুহে এনেকৈ মাৰ্ডাৰ কেছ বনাই দিছে। দেউতা পলাতক বুলি বাতৰিত কোৱা হৈছে। কি কম আৰু, ভাষা নাই!’-জেহিৰুলৰ মন্তব্য। 

এল্ট’খনত সনাতন ডেকাৰ চাইকেলৰ খুন্দা লাগিছিলনে?

এল্ট’খনৰ গৰাকী ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলি থকাৰ দৰে ফাইজুলৰ নহয়। যিখন ৰঙা ৰঙৰ এল্ট’ত দুৰ্ভগীয়া সনাতন ডেকাৰ চাইকেলখন সামান্যকৈ লগা বাবেই গণ প্ৰহাৰ হোৱা বুলি প্ৰচাৰ চলিছে প্ৰকৃততে সেই এল্ট’খনৰ গৰাকী হৈছে ৰুহুল আমিন। প্ৰাইভেট কোম্পানী এটাত কৰ্মৰত ৰুহুল আমিন হৈছে দুৰ্ঘটনাগ্ৰস্ত শিক্ষক খবিৰৰ ভাতৃ। 

ককায়েকৰ দুৰ্ঘটনা হোৱাৰ খবৰ পাই কোনো সহায়ৰ প্ৰয়োজন হ’ব পাৰে বুলি ভাবি নিজৰ এএছ ০১ডিকে ১৬২৯ নম্বৰৰ এল্ট’খন লৈ উক্ত স্থান পাইছিল ৰুহুল। কিন্তু তেতিয়ালৈ ককায়েক খবিৰ চিকিৎসালয়লৈ গৈছিল। সেই স্থানত ১০৮ৰ অপেক্ষাত তেতিয়াও ৰৈ আছিল চাইকেল আৰোহী সনাতন ডেকা। স্থানীয় লোকসকলে ৰুহুলক তেওঁৰ এল্ট’খনতে উঠাই সনাতনক হাস্পতাললৈ লৈ যাবলৈ কয় যদিও দুৰ্ঘটনাজনিত কেছৰ জামেলাত পৰাৰ ভয়ত ১০৮ অহালৈকে অপেক্ষা কৰিবলৈকে কয়।

সেই সময়তে ৰক্তক্ষৰণ নহ’লেও অৱস্থা কিছু গুৰুতৰ হ’বলৈ ধৰাত একাংশ লোকে সনাতনক এল্ট’খনত উঠাই দিয়ে আৰু ৰুহুলকেই হাস্পতাললৈ লৈ যাবলৈ কয়। অৱশেষত ৰুহুলে আহত সনাতনক লৈ হাজোৰ বিষ্ণুৰাম মেধি চিকিৎসালয়লৈ বুলি গাড়ী ষ্টাৰ্ট দিয়ে।

হালধীয়া স্কুটিখনৰ গৰাকীৰ কি দাবী?

দুৰ্ঘটনাত পতিত শিক্ষক জলিলৰ সম্পৰ্কীয় ফাইজুল হক। ৰেলৱে বিভাগত কাম কৰাৰ লগতে সমাজসেৱা আৰু ৰাজনীতিৰ সৈতেও জড়িত ফাইজুল। সোধ-পোচৰ বাবে আজি হাজো আৰক্ষীয়ে থানালৈ মাতি নিয়া নাম প্ৰকাশত অনিচ্ছুক এজন লোকে জনোৱা মতে সোমবাৰে পুৱাৰ ভাগত নিজেই হাজো আৰক্ষী থানাত গৈ উপস্থিত হয় ফাইজুল। 

'ময়ো আজি থানালৈ গৈছো। আজি ঈদ বাবে সোনকালে উঠিম বুলি ভাবি আছিলো। তেনেতে প্ৰায় ৪ মান বজাত আৰক্ষী আমাৰ ঘৰলৈ আহিছিল আৰু থানালৈ লৈ গৈছিল। মোৰ লগত ভিনদেউ আৰু ফাইজুলৰ খুলশালিয়েককো থানালৈ লৈ যায়। আমি থানাত পুৱা ৪.৩০ মান বজাৰ পৰা প্ৰায় ৯ টা মান বজালৈ আছো। তাৰপিছত ফাইজুল আৰু এজনে থানালৈ আহে। তেওঁলোকক আঠগাঁৱৰ পৰা ধৰি অনা বুলি কৈছে। কিন্তু আমি দেখিছিলো তেওঁলোকে ৮.১০ মান বজাত নিজেই থানালৈ আহিছিল। তেওঁলোক অহাৰ পিছতে আমাক আহিবলৈ দিয়ে।’-এইদৰে দাবী কৰে লোকজনে।

আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰা ফাইজুল নামৰ লোকজনেই হৈছে ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা পোৱা হালধীয়া স্কুটিখনৰ গৰাকী। আত্মীয় জলিলৰ দুৰ্ঘটনা হোৱাৰ খবৰ পাই এএছ ০১ ইই ৮৫৮২ নম্বৰৰ স্কুটীখনেৰে আন এজন লোকক লৈ ঘটনাস্থলীত উপস্থিত হয় ফাইজুল। ঘটনাস্থলী পোৱাৰ সময়লৈকে জলিলক হাস্পতাললৈ নিয়া হৈছিল। তাতে কেৱল চাইকেল আৰোহী সনাতনহে ১০৮ৰ অপেক্ষাত ৰৈ আছিল। 

'ঘটনাস্থলী পাই জলিল হাস্পতাললৈ যোৱা বুলি জানি ময়ো ঘূৰিব খুজিলো। তেনেতে তাত থকা লোকসকলে মই এক্সিডেণ্ট কৰা জলিলৰ ৰিলেশ্যনৰ মানুহ বুলি গম পাই ক’লে যে ১০৮ আহি নোপোৱালৈকে মই তাত থাকিব লাগিব। নহ’লে মোকেই ফচাই দিব। তেতিয়া মই মোৰ স্কুটীত বহি আছো। মোক ফটো উঠাইছে। মই বাৰ বাৰ কৈছো যে ময়েই লৈ যাও মেডিকেললৈ। ভিডিঅ’ ৰেকৰ্ডিঙো কৰিছে সিহঁতে। মই প্ৰহাৰ কৰা দূৰৰে কথা, হাতেই তোলা নাই।’-ফাইজুলে কয়। 

সনাতনৰ পিতৃয়ে দাখিল কৰা এজাহাৰত কি আছে?

২৩ মে’ত হাজো আৰক্ষী থানাত ভুক্তভোগী সনাতন ডেকাৰ পিতৃ নগেন ডেকাই দাখিল কৰা এজাহাৰত কৈছে যে ২২ মে’ৰ দুপৰীয়া প্ৰায় ১২.৩০ বজাত ঘৰত উৎপাদিত শাক-পাচলি বিক্ৰী কৰি চাইকেলেৰ ঘৰলৈ ওভতাৰ পথত সামান্য কাৰণতে ৫ জনকৈ লোকে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত সনাতন একপ্ৰকাৰ অচেতন হৈ পৰে। এজাহাৰত উল্লেখ থকা মতে, জলিল আলী আৰু খবিৰ আলী নামৰ লোক দুজনে বাইকেৰে আহি থাকোতে সনাতনৰ চাইকেলৰ আগত পৰাৰ পিছতে ঘটনাটোৰ সূত্ৰপাত হয়।

'জলিল আৰু খবিৰে মোৰ ল’ৰাৰ চাইকেলৰ আগত পৰাত ল’ৰাই প্ৰতিবাদ কৰাৰ ফলত দুয়োপক্ষৰ মাজত তৰ্কা-তৰ্কি হয়। তাৰ পিছত জলিল আৰু খবিৰে ফোনযোগে ফাইজুল হক, ফিৰজাহান আলী আৰু ইউছুফ আলীক মাতি আনে। তেওঁলোকৰ লগত আৰু অন্যান্য ব্যক্তি আহি মোৰ ল’ৰাক জধে-মধে মাৰধৰ কৰাৰ ফলত নাক-মুখ আৰু কাণেৰে তেজ ওলায়।’-এজাহাৰত এইদৰে অভিযোগ কৰিছে দুৰ্ভগীয়া সনাতনৰ পত্নীয়ে।

জলিল, খবিৰ আৰু দুয়ো ফোনযোগে মাতি অনা গুণ্ডাসদৃশ দলটোৱে সনাতনক বেয়াকৈ মাৰধৰ কৰাত সনাতনে চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়াসকল ওলাই আহে। পিছত অচেতন অৱস্থাত পৰি থকা সনাতনক কোনো অজ্ঞাত ব্যক্তিয়ে ১০৮ যোগে হাজো চিকিৎলায়লৈ লৈ যোৱাৰ কথাও এজাহাৰত উল্লেখ কৰিছে পিতৃয়ে।

 

হাজোৰ স্থানীয় চিকিৎসালয়ে সনাতনক জিএমচিএইছলৈ ৰেফাৰ কৰে যদিও অৱস্থা সংকটজনক হোৱাত উত্তৰ গুৱাহাটীস্থিত জিএনআৰচিত বৰ্তি কৰোৱা হয়। জিএনআৰচিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সনাতনক লগে লগে আইচিইউত ভৰ্তি কৰোৱা হয় যদিও ২৩ মে’ত মৃত্যুক আকোৱালি লয় সনাতনে। এনেদৰে সামান্য কথাতে উপৰ্যুপৰি প্ৰহাৰ কৰি মৃত্যুৰ মুখে ঠেলি দিয়া ৫ দুৰ্বৃত্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰযোগে আৰক্ষী প্ৰশাসনক অনুৰোধ  জনায় পুত্ৰক হেৰুৱাই শোকত ভাগি পৰা পিতৃ নগেন ডেকাই।

ব্যক্তিগত শত্ৰুতাৰ বাবেই হত্যাকাৰী সজাইছে বুলি দাবী ফাইজুলৰ

সনাতনৰ ঘৰৰ ওচৰৰ জনৈক 'সৰু’ নামৰ এজন লোকৰ সৈতে থকা ব্যক্তিগত শত্ৰুতাৰ বাবেই পিছত তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে বুলিও দাবী কৰে ফাইজুলে। 'যদি মই মাৰিছো তেঁওলোকে ভিডিঅ’ ৰেকৰ্ডিং দেখুৱাই প্ৰুফ কৰক। মই মেডিকেললৈ লৈ যাম বুলি কোৱা কথা সেই ৰেকৰ্ডিঙত স্পষ্টকৈ শুনা পাব। প্ৰুফ নকৰাকৈ তেওঁলোকে নৈৰ সিপাৰৰ মানুহখিনিক একগোট কৰাই মোৰ বিৰুদ্ধে এনে মনেসজা অভিযোগ তুলিছে। মই হতবাক হৈ পৰিছো।’-ফাইজুলে কয়।

তেওঁ আৰু কয়, 'মোৰ বিৰুদ্ধে এনেকৈ সৰুৱে ৰাজনৈতিক ষড়যন্ত্ৰ চলাইছে। মই ৰেলৱেত চাকৰি কৰাৰ লগতে সমাজসেৱাৰ সৈতেও জড়িত। এতিয়া বহুতে আকৌ মোক দালাল বুলিও কৈছে। কথাটো শুনি হাঁহিমেই নে কান্দিম যেন লাগিছে। সেই সৰুৰ লগত মোৰ পঞ্চায়ত ইলেকচনৰ পৰাই অলপ ফাইট আছিল। আমাৰ এজিপিৰ কেনডিডেট এজনৰ তাৰ লগত কম্পিটিশ্যন হৈছিল। মই সেই কেনডিডেটজনক ছাপৰ্ট কৰিছিলো। সেই ফাইটৰ বাবেই মোক এনেকৈ বিষয়টোক কমিউনেল এগংল দি ফচাবলৈ ট্ৰাই কৰিছে।’

কোনোপধ্যেই সনাতনৰ হত্যাকাণ্ডৰ সৈতে জড়িত নহয় বুলি দাবী কৰি থানালৈ যোৱাৰ পূৰ্বে ফাইজুলে কৈছে, 'কোনো কাৰণত মই জড়িত নাই। মই থাপ্পৰ এটাও মৰা নাই। যদি জড়িত আছো তেন্তে স্কুটিত বহি থকা ভিডিঅ’টো যেনেকৈ দেখাইছে, তেনেকৈ মাৰি থকা ভিডিঅ’ দেখুওৱাক। এক্সিডেণ্ট কেছ এটাক মাৰ্ডাৰ কেছ কৰাতেই ক্ষান্ত নাথাকি একেবাৰে কমিউনেল বনাই দিছে। ইয়াতকৈ দুৰ্ভাগ্য একো নাই।’

'এইটো যে এক্সিডেণ্ট কেছ সেয়া যদি বিশ্বাস হোৱা নাই তেন্তে জলিলৰ ঘৰলৈ গৈ খবৰ লৈ আহক। তাৰ বাইকত এক্সিডেণ্টৰ দাগ পাব, তাৰ মুখ ফুলি গৈছে। মেডিকেল কৰাইছে। ইমানৰ পিছতো এনেকৈ এজন মৰি যোৱা মানুহক ব্যক্তিগত শত্ৰুতাৰ বাবে ব্যৱহাৰ কৰিব নাপায়। ওপৰৱালাই সব চাই আছে।’-ফাইজুলে ক্ষোভেৰে কয়।

যদি হত্যাকাণ্ডত জড়িত নহয় তেন্তে কিয় আত্মসমৰ্পণ কৰিবলৈ থানালৈ যায় বুলি সোধাত তেওঁ কয় যে নিজৰ সততাৰ ওপৰত আৰু আইন-আদালতত বিশ্বাস আছে বাবেই পলায়ন কৰাৰ পৰিৱৰ্তে থানাত নিজেই হাজিৰ হ’বলৈ সাহস কৰিছে। 'আমি নিৰ্দোষী। সেয়া আমি জানো। কিন্তু আমাৰ বাবে ঘৰৰ মানুহে হাৰাশাস্তি পাব নালাগে। আমি আজি থানালৈ নগলে আমাৰ ঘৰৰ মানুহক হাৰাশাস্তি কৰিব। সেয়ে আমি নিজেই থানালৈ ওলাইছো।’-এইদৰে কয় ফাইজুলে।

যিসকল লোকে সেইদিনা সমগ্ৰ ঘটনাৰ ভিডিঅ’ কৰি আছিল তাৰ মাজৰেই এজনে সেইদিনা সনাতনক গতিয়াই দিয়াতো তেওঁৰ লগত একেলগে থানালৈ যোৱা ইউচুবউদ্দিন আহমেদে দেখিছিল বুলিও দাবী কৰে ফাইজুলে। 'ইউচুবে কোৱা মতে মই গৈ পোৱাৰ আগতে হেনো এজন অটোৱালা আৰু যিজনে আমাক ফটো উঠাইছিল আৰু ভিডিঅ’ কৰিছিল সেইজনে এক্সিডেণ্ট হোৱা সনাতনক গতিয়াই দিছিল। আৰু এতিয়া সিঁহতেই আমাক ব্লেম দিয়ে।’-ফাইজুলৰ দাবী।

ছ’চিয়েল মিডিয়াত কি বুলি দাবী কৰা হৈছে?

ঘটনাতো সংঘটিত হৈছিল ২১ মে’ৰ দুপৰীয়া। ২৩ মে’ত চিকিৎসালয়তে মৃত্যু হৈছিল সনাতন ডেকাৰ। ২৩ মে’লৈকে ঘটনাটোৰ বিষয়ে নাছিল কোনো চৰ্চা। কিন্তু ২৪ মে’ত হাজোৰ মনাহকুছিত এজন পাচলি ব্যৱসায়ীক একাংশ মুছলমান লোকে এখন এল্ট’ত চাইকেলৰ সামান্য খুন্দা লগা বাবেই মৰিয়াই মৰিয়াই হত্যা কৰা বুলি প্ৰচাৰ হ’বলৈ আৰম্ভ হয়। হালধীয়া স্কুটিখনত বহি থকা ফাইজুল হকক এই হত্যাকাণ্ডৰ মূল অভিযুক্তও আখ্যা দিয়ে ভিন্নজনে।

সামান্য কথাতে গণ প্ৰহাৰৰ সন্মুখীন হৈ মৃত্যুমুখত পৰা সনাতন ডেকাৰ ন্যায়ৰ দাবী কৰাৰ লগতে একাংশ লোকে সমগ্ৰ ঘটনাটোক হিন্দু-মুছলমান ৰূপ দিবলৈকো চেষ্টা চলোৱা দেখা গৈছে। বহু ছ’চিয়েল মিডিয়া ইউজাৰে কৈছে যে অসমত এজন খিলঞ্জীয়া পাচলি ব্যৱসায়ীক মুছলমান কেইজনমানে মিলি হত্যা কৰিলে। কোনো কোনোৱে লকডাউনৰ পিছত ৰাজ্যত একাংশ থলুৱা লোকে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰালৈ চাই সনাতন দাসক অসমৰ অৰ্থনৈতিক বিপ্লৱৰ প্ৰথমজন শ্বহীদ আখ্যা দিয়াও পৰিলক্ষিত হৈছে।

সনাতন ডেকাৰ ঘৰত আজি কেনে পৰিৱেশ?

সনাতনৰ ডেকাৰ ঘৰত আজি নিমাওমাও পৰিৱেশ। এজন তেনেই দৰিদ্ৰ পাচলি ব্যৱসায়ীক সাধাৰণ দুৰ্ঘটনা এটাৰ বাবেই একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰাৰ খবৰ লাভ কৰি সোমবাৰে পুৱাই হাজোৰ মনাহকুছিত কেইগৰাকীমান সতীৰ্থৰ সৈতে গৈ দুৰ্ভগীয়া সনাতনৰ ঘৰত উপস্থিত হয় 'স্বৰাজ অসম'ৰ নেতা ভৱেন সন্দিকৈ। 

'ঘৰত অৱস্থাই নাই। সনাতনৰ পত্নী কথা পাতিব পৰা অৱস্থাত নাই। স্বামীক হেৰুৱাই তেওঁ ভাগৰি পৰিছে। সনাতনৰ দেউতাকৰ সৈতে আমি অলপ কথা পাতিলো। তেওঁ পুত্ৰক হেৰুৱাই ভাগি পৰিছে। আমাৰ আগত কান্দি কান্দি কৈছে যে তেওঁলোকক এতিয়া ন্যায় লাগে। যিসকল এই ঘটনাত জড়িত আছে সেইসকল যথেষ্ট প্ৰভাৱশালী হোৱা বাবে ন্যায় নাপাব বুলি ভয় কৰি আছে। দেউতাকৰ বাদে ঘৰখনত কথা পাতিব পৰা আৰু কোনোৱেই নাই। চৰকাৰে ইমানবোৰ আঁচনি ঘোষণা কৰাৰ পিছতো পৰিয়ালটোৱে মাটি লেপি বাঁহেৰে নিৰ্মাণ কৰা এটা জৰাজীৰ্ণ ঘৰত বাস কৰি আহিছে। এয়াও অতি পৰিতাপৰ কথা।’-এইদৰে কয় সন্দিকৈয়ে।

সনাতনৰ ওচৰ-চুবুৰীয়াসকলৰো একেই মত যে দোষী সাৰি যাব নালাগে। NNOৰ সৈতে হোৱা এক বাৰ্তালাপত নাম প্ৰকাশত অনিচ্ছুক সনাতনৰ গাঁৱৰ এজন লোকে কয়, 'বহুত কষ্ট কৰি খোৱা মানুহ। চবজি বেছি কোনোমতে পত্নীৰ সৈতে চলি আহিছে। সেইদিনা এক্সিডেণ্ট হোৱা বুলি শুনিছিলো প্ৰথমতে। পিছত শুনিলো তেওঁক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে। সাধাৰণ দুৰ্ঘটনা এটাৰ বাবে যিসকলে তেওঁক এনেকৈ মাৰি পেলালে সেইসকলে শাস্তি পাব লাগে।’ 

উল্লেখ্য যে, দুৰ্ভগীয়া সনাতনে ইমামী কোম্পানীতো কাম কৰিছিল। কিন্তু কৰ’নাসৃষ্ট পৰিস্থিতিৰ কবলত পৰি চাকৰি হেৰুৱাই নিজৰ ঘৰতে কৰা শাক-পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল সনাতনে। ২১ মে’ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমে সনাতনক হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। তাৰ পিছত উন্নত চিকিৎসাৰ বাবে উত্তৰ গুৱাহাটীস্থিত জিএনআৰচিলৈ প্ৰেৰণ কৰা হয় যদিও পিছদিনা তাতেই তেওঁৰ মৃত্যু হয়। 

সুৰাপান কৰিছিলনে সনাতনে?

মৃত্যুক সাবটি লোৱা পাচলি ব্যৱসায়ী সনাতনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নিচাসক্ত অৱস্থাত আছিল বুলি জনাইছে ঘটনাটো প্ৰত্যক্ষ কৰা একাংশ লোকে। নাম প্ৰকাশত অনিচ্ছুক এজন প্ৰত্যক্ষদৰ্শীয়ে ফোনযোগে NNOৰ আগত কয়, 'মানুহজন যেতিয়া পৰি থকাৰ পৰা আমি তুলিবলৈ গৈছিলো তেতিয়া মদৰ গোন্ধ পাইছিলো। যি দুজন মানুহ বাইকত আহিছিল তেওঁলোকেও লোকজনে ঢলং-ঢপঙকৈ চাইকেল চলাই অহা বুলি কোৱা শুনিছিলো। ঢলং-ঢপঙকৈ চাইকেলখন চলাই অহা বাবেই চাইকেলখন কোনফালে যাব সেয়া ঠিৰাং কৰিব নোৱৰাত ব্ৰেক মাৰি দিওতে চাইকেলখনত খুন্দা লাগি পৰি যায় বুলি কৈছিল বাইকখনৰ লোক দুজনে।’

প্ৰত্যক্ষদৰ্শীজনে আৰু কয়, 'বাইকৰ মানুহ দুজনক ঘৰৰ মানুহ আহি মেডিকেললৈ নিছিল যদিও সনাতন বোলা লোকজন পৰিয়েই আছিল। তেতিয়া মানুহজনৰ তেজ তেনেকৈ ওলোৱা নাছিল। অলপ পিছত হালধীয়া স্কুটিত এজন লোক আহিছিল। অলপ ভিৰ হৈ আছিল। গতিকে স্কুটীত অহা মানুহজনে সনাতনক মাৰিলে নে নাই সেয়া ভালকৈ ধৰিব নোৱাৰিলো। এতিয়া যেনেকৈ চাৰি-পাঁচজনে মৰিয়াই মৰিয়াই হত্যা কৰা বুলি ওলাইছে তেনে দৃশ্য আমি দেখা নাই।’

সনাতনে সুৰাপান কৰে নে নকৰে সেয়া জানিবলৈ NNOৰ তৰফৰ পৰা সনাতনৰ গাঁৱৰ আৰু কেবাজনো লোকৰ সৈতে যোগাযোগ কৰাত মাজে সময়ে সুৰাপান কৰে বুলি জনাইছে। অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰাপান কৰি আছিল নে নাই সেই সম্পৰ্কে তেওঁলোক নিশ্চিত নহয়। 'আমি সি অলপ-চলপ খাই বুলি জানো। ভাঙো খাই মাজে। কিন্তু ল’ৰাটো বহুত ভাল আছিল। অমায়িক আছিল। কষ্ট কৰা ল’ৰা আছিল। চৰকাৰৰ ফালৰ পৰাও একো সুবিধা নাপালে। কৰ’নাৰ বাবে সি ইমামি কোম্পানীৰ চাকৰি হেৰুৱালে। তাৰ পিছত চবজি বেচিবলৈ ল’লে। আমি ফাইজুল নামৰ লোকজন আগৰেপৰা উদণ্ড বুলি জানো। সি শাস্তি পাব লাগে।’-এইদৰে কয় এজন চুবুৰীয়াই।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বাইকখনত অহা শিক্ষক খবিৰুদ্দিনৰ পুত্ৰ জেহিৰুলে জনোৱা মতে, যেতিয়া হাস্পতাললৈ খবৰ দিয়াৰ পিছত সনাতনৰ পত্নী আহি উপস্থিত হৈছিল তেতিয়া সনাতনৰ পত্নীয়ে হেনো কান্দি কান্দি কৈছিল, 'কি কম বাপা, মানুহটোক ইমান মদ খাবলৈ মানা কৰো কিন্তু নুশুনে। মদসোপা খাই খাই খীণাই-শুকাই যোৱাৰ পিছত এতিয়া এক্সিডেণ্টো হ’ল।’

'আমাৰ আগত সনাতনৰ ৱাইফে কান্দি কান্দি হাজবেণ্ডে মদ খোৱাৰ কথা কৈছিল। আমি ট্ৰিটমেণ্টৰ যি খৰছ হয় সকলো দিম বুলি কৈছিলো। পিছে মানুহজন ঢুকায়েই থাকিল। আমিয়েই এক্সিডেণ্ট হোৱাৰ খবৰো দিছিলো সনাতনৰ ঘৰৰ মানুহক। কিন্তু কথাবোৰ ৰেকৰ্ড কৰি ৰাখিব পাহৰিলো। আচলতে এনেকৈ যে এক্সিডেণ্টৰ কেছ এটাই এই ৰূপ ল’ব আমাৰ আইডিয়াই নাছিল।’-জেহিৰুলে কয়।    

শেহতীয়া সংযোজনঃ নিহত সনাতন ডেকাৰ বাসভৱনত উপস্থিত হোৱা কেবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে  NNOৰ আগত কয় যে সনাতনে একাংশ লোকে দাবী কৰাৰ দৰেকৈ মদ্যপান কৰা নাছিল। সমগ্ৰ ঘটনাটোক অন্যফালে ঢাল খুৱাবলৈ একাংশ লোকে এনেদৰে সনাতনে মদ্যপান কৰি সেইদিনা চাইকেল চলোৱাৰ কথা প্ৰচাৰ কৰিবলৈ চেষ্টা চলাইছে বুলি মন্তব্য কৰিছে আজি খবৰ ল'বলৈ উক্ত স্থানত গৈ উপস্থিত হোৱা দল-সংগঠনৰ কেবাজনো সদস্যই। স্থানীয় লোকসকলে দুৰ্ভগীয়া সনাতনে হাজোৰ চিকিৎসালয়ৰ লগতে উত্তৰ গুৱাহাটীস্থিত জিএনআৰচিতো উপযুক্ত চিকিৎসা নাপালে বুলিও অভিযোগ উত্থাপন কৰিছে।

দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখিনি হিন্দু বসতি প্ৰধান

যি ঠাইত দুৰ্ঘটনা সংঘটিত হৈছিল সেই ঠাইলৈ ফাইজুলে কেবাজনো মুছলমান লোকক মাতি আনি সনাতন দাসক গুৰুলা-গুৰলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰত্যক্ষদৰ্শীসকলৰ ভিন্নজনে ভিন্ন মত পোষণ কৰাত কি সত্য কি অসত্য সেয়া নিশ্চিত কৰাতো একপ্ৰকাৰ কঠিন হৈ পৰিছে।

অৱশ্যে এয়া জানিব পৰা গৈছে যে হাজোৰ মনাহকুছিৰ যি ঠাইত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই অঞ্চলটো সম্পূৰ্ণৰূপে হিন্দু বসতি প্ৰধান। অৱশ্যে অলপ আতৰলৈ গ’লে চাৰি-পাঁচঘৰমান মুছলমান লোক বাস কৰে। হিন্দু বসতিপ্ৰধান অঞ্চল এটাত চাৰি-পাঁচজন মুছলমানে কেনেকৈ গণ প্ৰহাৰ সংঘটিত কৰিব বুলিও প্ৰশ্ন কৰিছে ভিন্নজনে।

'মই সন্ধিয়াৰ ভাগত সেই ঠাইলৈ গৈছিলো। যি ঠাইত চাৰি-পাঁচজন মুছলমান লোক গৈ সনাতন গণ প্ৰহাৰ কৰা বুলি কৈছে সেই ঠাইত হিন্দু লোকেই আছে। মই শুনামতে চাৰি-পাঁচজনে গণপ্ৰহাৰ কৰা নাছিল। ফাইজুল নামৰ লোকজনে সনাতনক চৰিয়াইছে বুলিহে শুনিছো। বাকী ভালকৈ একো জনা নাই। কথাবোৰ অলপ ৰাজনীতিকৰণো হৈ পৰিছে।’-এইদৰে কয় সামাজিক কাম-কাজৰ সৈতে জড়িত অঞ্চলটোৰ এজন যুৱকে।

সনাতন ডেকা হত্যাকাণ্ডক নিজা ৰূপ দিব বিচাৰিছে আৰক্ষীয়ে

হাজো আৰক্ষীয়ে সনাতন ডেকা হত্যাকাণ্ডক নিজা ৰূপ দিব বিচৰাৰ অভিযোগ তুলিছে একাংশ ৰাইজে। সোমবাৰে একাংশ লোকে হাজো আৰক্ষীক এই লৈ জবাবদিহিও কৰে। আৰক্ষীয়ে ফাইজুল হকে সনাতনক মাত্ৰ এটা চৰহে শোধাইছিল বুলি সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যক উভতি ধৰি তদন্ত অবিহনে কেনেকৈ সেয়া ক'ব পাৰিলে বুলি প্ৰশ্ন কৰে। উত্তেজিত লোকসকলে অসম আৰক্ষী হায় হায় ধ্বনিও প্ৰদান কৰে।

"আমি অসম আৰক্ষীক সকীয়াই দিব বিচাৰিছো। সনাতন ডেকাক মৰিয়াই মৰিয়াই হত্যা কৰাৰ বিচাৰ হ'বই লাগিব। মূল হত্যাকাৰী ফাইজুলে শাস্তি পাবই লাগিব। আৰক্ষীয়ে এতিয়া ফাইজুলক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাইছে। আমি সেয়া হবলৈ নিদিও। সনাতন ডেকাৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই। সনাতন ডেকাক হত্যা কৰা হৈছে।"-এইদৰে কয় স্থানীয় এজন যুৱ নেতাই।

ইফালে আন একাংশ লোকে সনাতন ডেকা হত্যাকাণ্ডক স্থানীয় এজন বিজেপি নেতাই সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। "আৰএছএছৰ লোকসকলে সনাতন ডেকাৰ দুৰ্ঘটনা হোৱাৰ ইমানদিন পিছতহে সাৰ পাইছে। তেওঁলোকে তাৰ আগতেই একো ব্যৱস্থা নকৰিলে। এতিয়া বিষয়টোক সাম্প্ৰদায়িক ৰূপ দিবলৈ ছ'চিয়েল মিডিয়াত ভিন্ন প্ৰচাৰ চলাইছে। এইক্ষেত্ৰত এজন বিজেপি নেতাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ একাংশ লোকক উচটাই থানাতো উদ্ভণ্ডালি কৰিছে। সময়ত সকলো স্পষ্ট হ'ব।'-নাম প্ৰকাশত অনিচ্ছুক স্থানীয় আন এজন বিজেপি বিৰোধী নেতাৰ মন্তব্য।

হাজো আৰক্ষী থানাৰ অচি ভাস্কৰ বৰ্মনৰ ভাষ্য

নিশা প্ৰায় ৮ মান বজাত হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মনৰ সৈতে যোগাযোগ কৰাতো সম্ভৱ হৈ উঠে। সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰাত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে তেওঁ ফাইজুল হকে এচৰহে সোধাইছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা ধৰণে কথাটো কোৱা নাছিল। ফাইজুলে প্ৰথমে এচৰ মাৰিছিল আৰু তাৰ পিছত বাকীকেইজন লোকে আক্ৰমণ আৰম্ভ কৰিছিল বুলিহে কৈছিল বুলি জনায় বৰ্মনে।

এই পৰ্যন্ত ঘটনা সন্দৰ্ভত ৩ জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সমৰ্থ হৈছে বুলিও জনায় অচি বৰ্মনে। 'আমি এতিয়ালৈকে ৩ জনক আটক কৰিছো। তেওঁলোক হৈছে ফাইজুল হক, ইউছুফুদ্দিন আলী আৰু আব্দুল জলিল। ঘটনাটো সংঘটিত হোৱাৰ পিছত হাজো হাস্পতালে জিএমচিএইছলৈ ৰেফাৰ দিয়ে সনাতনক। কিন্তু তেওঁলোকে জিএনআৰচিত এডমিট কৰায়।’-ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়।

ফাইজুল হকে পুৱা এটা ভিডিঅ’ত আত্মসমৰ্পণ কৰা বুলি যি দাবী কৰিছিল সেই দাবীকো ভিত্তিহীন আখ্যা দিয়ে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। 'আমি য’লৈকে গৈছিলো তেওঁলোক তাতেই থকা বুলি খবৰ পাইছিলো। তাৰ পৰাই আমি দুজনক ধৰিবলৈ সমৰ্থ হৈছো।’-তেওঁ কয়।

এনেদৰেই এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সনাতনৰ মৃত্যু। জীয়াই থকা অৱস্থাত তেনেই এক জৰাজীৰ্ণ ঘৰত বাস কৰা সময়ত কোনেও খবৰ ল'বলৈ আহৰি নোপোৱা, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ এটা দিয়াৰ ব্যৱস্থা কৰি দিব নোৱাৰা বিভিন্ন দলৰ স্থানীয় নেতাসকলে বিষয়টোক নিজ নিজ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ উঠি-পৰি লাগিছে। আনহাতে ছ'চিয়েল মিডিয়াতো ই গ্ৰহণ কৰিছে সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক ৰূপ।

পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে  সেইদিনা প্ৰকৃততে তাত কি হৈছিল সেয়া সম্পূৰ্ণৰূপে ধুৱলী-কুঁৱলী হৈ পৰিছে। উভয় পক্ষৰ স্থানীয় লোকসকলেও বিভিন্ন কাৰণত কথাবোৰ মুখ খুলি ক'বলৈ অপাৰগতা প্ৰকাশ কৰাও প্ৰত্যক্ষ কৰিছে NNOৰ সাংবাদিকে। সেয়ে প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে ঘটনাটোৰ নিৰপেক্ষ ন্যায়িক তদন্তৰ দাবী কৰিছে হাজোবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে।

(শিক্ষক জলিল আৰু তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলোৱা হৈছিল যদিও ফোন ছুইটছ অফ বুলি কোৱাত তেওঁৰ মতামত জানিব পৰা নগ'ল। পৰৱৰ্তী সময়ত যোগাযোগ সম্ভৱ হৈ উঠিলেই সেয়া বাতৰিটোত আপডেট কৰা হ'ব।)