ৰঙিয়াঃ পেট্ৰলত ভেজাল কৰাৰ অভিযোগত ৰঙিয়া চহৰৰ এটা তেল ডিপোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দেওবাৰে৷ একাংশ লোকে পেট্ৰলৰ সৈতে পানী আৰু কেৰাচিন মিহলি কৰাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, ৰঙিয়া চহৰৰ আইঅ’চিতস্থিত চাগনমন চেৰাউগী পেট্ৰল ডিপোৰ পৰা ৰঙিয়া মহখুলি ৰাস মহোৎসৱ সমিতিয়ে জেনেৰেটৰত ব্যৱহাৰ কৰাৰ বাবে পেট্ৰল কিনি নিয়ে৷
জেনেৰেটৰত পেট্ৰলত ভৰোৱাৰ পিছত অধিকাংশই পানী ওলোৱাত মহখুলি ৰাস মহোৎসৱ সমিতিৰ একাংশ লোক দেওবাৰে তেল ডিপোটোত উপস্থিত হয়৷ তেল ডিপো কৰ্তৃপক্ষই এই কথা মানি নোলোৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে৷