Printer-friendly version

নাৰায়ণপুৰঃ এখন ঐতিহাসিক থান য'ত এগছি বন্তি প্ৰজ্বলন কৰি বা এখনি শৰাই আগবঢ়াই লাভ কৰে অনাবিল প্ৰশান্তিৰ অনুভৱ । লখিমপুৰ জিলাৰ ধলপুৰৰ পৰা পৰা প্ৰায় ১.৫ কি: মি: দূৰত অৱস্থিত এই পেটুৱা গোসাঁই থান। প্ৰবাদ অনুসৰি পিছলা নৈৰ পাৰত এটা শিলত খোদিত মূৰ্তি উদ্ধাৰ হৈছিল মানৰ তৃতীয় আক্ৰমণৰ পিছতে। মূৰ্তিটো এটা হাতীৰ জাকে উঠাই আনি নদীৰ পাৰতে এজোপা জৰী গছৰ তলত ৰাখে আৰু হাতীৰ জাকটোৱে কলৰ থোকা আগবঢ়াই আঁঠুকাঢ়ি মূৰ দোঁৱাই পূজা দিবলৈ আৰম্ভ কৰে। এনেদৰে হাতীৰ জাকটোৱে সদায় পূজা দিবলৈ লয়।

অঞ্চলটোত জনবসতি বৃদ্ধি হোৱাৰ পিচত ৰাইজৰ বিশেষ অসুবিধা হোৱাত হাতীৰ জাকটো খেদি পঠিয়াই।তাৰ পাছতে অঞ্চলবাসীয়ে মূৰ্তিটো বনগোসাঁই হিচাপে পূজা দিবলৈ আৰম্ভ কৰে। মূৰ্তিটোক লৈ কিছু লোকৰ মাজত মতভেদৰ সৃষ্টি হোৱাৰ মাজতে অঞ্চলটোৰ কেইজনমান বয়োজ্যেষ্ঠ লোকে দুজোপা আম আৰু এজোপা জৰী গছৰ তলত প্ৰতিষ্ঠা কৰি পূজা দিবলৈ আৰম্ভ কৰে। 

দিন বাগৰাৰ লগে লগে মূৰ্তিটো ৰাইজৰ মাজত জনাজাত হোৱাত পিছলা নৈৰ পাৰতে স্থায়ী ভাবে স্থাপন কৰে।প্ৰথমে অঞ্চলটোৰ ৰাইজে বনগোসাঁই নামেৰে নামাকৰণ কৰিছিল যদিও মূৰ্তিটোৰ পেটটো ডাঙৰ আছিল কাৰণে পিছলৈ "পেটুৱা গোসাঁই থান" নামেৰে নামাকৰণ কৰে। পুৰাতত্ত্ব বিভাগৰ গৱেষণাত পোৱা তথ্য মতে মূৰ্তিটো ১০-১১ শতিকাৰ কুৱেৰ মহাজনৰ মূৰ্তি বুলি উল্লেখ কৰিছে।

বৰ্তমান সময়ত থান খনলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি-জনজাতিৰ লোকসকল পূজা দিবলৈ অহা দেখা যায়। বছৰি হাজাৰ হাজাৰ মানুহৰ সমাগম ঘটে এই ঐতিহাসিক থান খনত কিয়নো থানখনত এগছি বন্তি জ্বলাই বা এখন শৰাই আগবঢ়াই সেৱা ল'লে মনোকামনা পূৰ্ণ হয় বুলি প্ৰমাণিত প্ৰবাদ প্ৰকাশ কৰে ভক্ত সকলে। তাৰোপৰি প্ৰতিবছৰে দুৰ্গাপূজা উদযাপন কৰা হয় এই থানখনত। দিনে দিনে দেশ বিদেশৰ ভক্ত সকলৰ মাজত আকৰ্ষণৰ স্থলী  হৈ পৰিছে এই ঐতিহাসিক "পেটুৱা গোসাঁই থান" খন।