কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলা, বগৰীগুৰী গাঁওৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰীক এক লম্পট চৰিত্ৰৰ শিক্ষকে বলাৎকাৰৰ কৰা অভিযোগক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে ধৰ্ষিতা কিশোৰী গৰাকীৰ পিতৃয়ে ফকিৰাগ্ৰাম থানাত পাষণ্ড শিক্ষক গৰাকীৰ বিৰুদ্ধে ঘটনাসন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ৷
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাত ৰজু হোৱা এজাহাৰ অনুসৰি চিথিলাৰ বগৰীগুৰী গাওঁ নিবাসী তথা মিলনবাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা মাগুৰমাৰী কেন্দ্ৰৰ চিআৰচিচি গাজি ৰহমান পৰামানিকে একে গাওঁৰে নাবালিকা কিশোৰী এগৰাকীক বহুদিন ধৰি টিউচন পঢ়ুৱাই আহিছিল ৷ টিউচন চলাকালিন অৱস্থাত ছাত্ৰীগৰাকীক শিক্ষক গাজি ৰহমান পাৰমানিকে মাজে মাজে সুযোগ বুজি অশ্লীল ইংগিত দি আহিছিল ৷