77
তেজপুৰঃ ১৯০৯ জনত জন্মগ্ৰহণ কৰিছিল নটসূৰ্য ফণী শৰ্মাই৷ নাটকৰ জৰিয়তে জীৱনৰ পাতনি মেলা শৰ্মা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ, পৰিচালক, মঞ্চ অভিনেতা হিচাপে বিখ্যাত আছিল৷ ১৯৩৫ চনত নিৰ্মাণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ত অভিনয় কৰিছিল এই গৰাকী যশস্বী অভিনেতাই।
তেওঁ ১৯৪৮ চনত ‘ছিৰাজ’ আৰু ১৯৫৫ চনত ‘পিয়লি ফুকন’ বোলছবি পৰিচালনা কৰাৰ লগতে অভিনয় কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল।