ঢকুৱাখনাঃ বাপতিসাহোন পৰম্পৰাৰে ঐতিহ্যমণ্ডিত চাৰিকড়ীয়া নৈৰ পাৰত অহা ১২ মে’ পৰা উদযাপন হ’ব ফাটবিহু ২০১৭। ফাটবিহু সমিতি আৰু ফাটবিহু উদযাপন সমিতিৰ উদ্যোগত আৰু চহা ঢকুৱাখনাবাসীৰ আতিথ্যত ফাট বিহুৰ স্থায়ী বিহু বাকৰি ম’হঘূলি চাপৰিত তিনি দিনীয়া কাৰ্যসূচীৰে এই লোক বসন্ত উৎসৱ অনুষ্ঠিত হ’ব। উদযাপন সমিতিৰ সম্পাদক নিতুল বৰুৱা আৰু সভাপতি বিনোদ গগৈয়ে জনোৱা মতে ১২ মে’ৰ প্ৰথমদিনা পুৱা ৯:৩০ পতাকা উত্তোলন কৰিব ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাই, ১০ বজাত স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি বিনোদ গগৈয়ে।
ইয়াৰ পিছতে মুকলি কৰা হ’ব মঞ্চ। মঞ্চ মুকলিৰ পিছতে টকাবিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৩ মে’ৰ দ্বিতীয়দিনা পুৱা ৯:৩০ বজাত কপৌফুল ৰোপণ আৰু বৃক্ষৰোপণ কৰিব প্ৰকৃতিবিদ দেৱজিৎ ফুকনে। ইয়াৰ পাছত ক্ৰমে গামোচা প্ৰতিযোগিতা, বিহুদল সমূহলৈ আদৰণি, প্ৰাক্তন সম্পাদক-সভাপতিসকলক সম্বৰ্ধনা আৰু পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ অন্তত উন্মোচন কৰা হ’ব ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ ‘বিহুৱান’।