newsnextone.com | তামুলপুৰঃ আমাৰ দেশৰ তথা ৰাজ্য খনৰ দৰিদ্ৰ, গৰীৱ, খাটিখোৱা লোকসকলৰ কল্যাণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ন কৰে চৰকাৰে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি জনসাধৰণৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ন কৰে৷ ৰাজকোষৰ কোটি কোটি টকা চলাধ কৰা হয়৷ মন্ত্ৰী-আমোলাৰ জৰিয়তে এনে আঁচনিসমূহ ৰূপায়ন কৰি জনসাধৰণক সেৱা কৰাৰ চেষ্টা কৰে চৰকাৰে৷ কিন্তু প্ৰকৃততে এনে আঁচনি সমূহৰ পৰা জনসাধৰণে কল্যাণ লাভ কৰে নে৷ যদি গ্ৰাম্য অঞ্চলত ৰূপায়ন কৰা বিভিন্ন আঁচনি প্ৰত্যক্ষ কৰিলে প্ৰতিখন চৰকাৰেই ফেইল মৰা দেখা যায়৷ জলসিঞ্চনৰ পৰা আৰম্ভ কৰি কৃষিলৈ৷ শিক্ষা, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি জনস্বাস্থ্যলৈ সকলো আঁচনিয়েই গ্ৰাম্য এলেকাত ফেইল মৰা দেখা যায়৷
বিভিন্ন আঁচনি ৰূপায়ণ হয় যদিও সেই সমূহ মেৰামতি, চোৱা চিতা কৰাৰ অভাৱত জহি-খহি যায়৷ বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি সমূহ বৰ্তমান তেনে ৰূপ লৈছে৷ অসমৰ গাঁৱে-ভূঞে স্থাপন কৰা আঁচনি সমূহ জহি-খহি যাবলৈ আৰম্ভ কৰিছে৷ বহু পানী যোগান আঁচনিত ট্ৰেন্সফৰ্মাৰ সমূহ বিকল হৈ পৰিছে৷ পাইপ সমূহ ফুটি নষ্ট হৈছে৷ আঁচনি সমূহৰ চৌহদৰ পকী দেৱাল সমূহ বাগিৰ পৰিছে টেংকী সমূহ গছ-গছনি লতাই মেৰিয়াই ৰাখিছে৷ মুঠৰ ওপৰত অসমৰ গ্ৰাম্য অঞ্চলৰ ৯০ শতাংশ পানী যোগান আঁচনি বিকল হৈ পৰিছে৷