newsnextone.com| কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত আজি কাৰ্বি পৰিষদৰ অধিনত থকা পশু পালন বিভাগৰ হামৰেন সংমণ্ডলৰ উদ্যোগত এখন পশুধন বিতৰণি সভা অনুষ্ঠিত হয়।
ৰাজ্যিক পৰিকল্পনাৰ ২০১৮-১৯ বৰ্ষৰ এক অভিলাষী আঁচনিৰ জৰিয়তে পশুধন বিতৰণ কৰা আজিৰ এই সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় সদস্য তথা কাৰ্বি পৰিষদৰ হামৰেন সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গলছিং তিমুং উপস্থিত হোৱাৰ বিপৰীতে পশু পালন বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাষ্ণু, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰদীপ ৰংহা, হামৰেন সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ, গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ ক্ৰমে ৰঞ্জিত টেৰণ, জয়ছিং ৰংহাং, বীৰেন তিচ্ছ, বিজেপি ৰংখাং মণ্ডল সমিতি সভাপতি মঙ্গলছিং বে’য়েকে ধৰি দুই শতাধিক মহিলা আত্ম সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যবৃন্দ উপস্থিত থাকে।