newsnextone.com| কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত আজি কাৰ্বি পৰিষদৰ অধিনত থকা পশু পালন বিভাগৰ হামৰেন সংমণ্ডলৰ উদ্যোগত এখন পশুধন বিতৰণি সভা অনুষ্ঠিত হয়। 

ৰাজ্যিক পৰিকল্পনাৰ ২০১৮-১৯ বৰ্ষৰ এক অভিলাষী আঁচনিৰ জৰিয়তে পশুধন বিতৰণ কৰা আজিৰ এই সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় সদস্য তথা কাৰ্বি পৰিষদৰ হামৰেন সমষ্টিৰ জনপ্ৰতিনিধি মঙ্গলছিং তিমুং উপস্থিত হোৱাৰ বিপৰীতে পশু পালন বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাষ্ণু, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰদীপ ৰংহা, হামৰেন সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ, গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন অধ্যক্ষ ক্ৰমে ৰঞ্জিত টেৰণ, জয়ছিং ৰংহাং, বীৰেন তিচ্ছ, বিজেপি ৰংখাং মণ্ডল সমিতি সভাপতি মঙ্গলছিং বে'য়েকে ধৰি দুই শতাধিক মহিলা আত্ম সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যবৃন্দ উপস্থিত থাকে। 

সভাত মহিলা আত্ম সহায়ক গোটৰ মহিলাসকলক উদ্দেশ্যি মুখ্য অতিথি তথা জনপ্ৰতিনিধি মঙ্গলছিং তিমুঙে কয় যে পশুধন পালনে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰাত সহায় কৰে। গ্ৰামাঞ্চলসমূহত কৃষি উৎপাদনৰ উপৰিও পশুধন পালনৰ বৃত্তিয়ে গ্ৰাম্য অৰ্থনীতিক টনকীয়াল কৰে। বিশেষকৈ গ্ৰামাঞ্চলত পুৰুষসকলে কৃষি কাৰ্য্যৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে মহিলাসকলে পশু পালন কৰি ধন উপাৰ্জন কৰাৰ বাবে মনোযোগ দিয়া পৰিলক্ষিত হয়। আৰু তেনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আজি উক্ত উল্লেখিত বিভাগটোয়ে পৰিষদীয় হামৰেন সমষ্টিৰ অন্তৰ্গত থকা ৬০খন মহিলা আত্ম সহায়ক গোটৰ মাজত ৬০ টাকৈ গাহৰি পোৱালি বিনামূলীয়াকৈ বিতৰণ কৰে।

লগতে এনেদৰে পশুধন বিতৰণ কৰা কাৰ্যসূচী সম্পূৰ্ণ কৰি পশুধন পালনৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িব যাবলৈ শেহতীয়াকৈ পুনৰ আহ্বান জনায় জনপ্ৰতিনিধিগৰাকীয়ে।