newsnextone.com | নগাঁওঃ ১৯০৮ চনৰ ২০ জুলাইতে প্রতিষ্ঠা লাভ কৰা দেশৰ আগশাৰীৰ বিত্তীয় প্রতিষ্ঠান ‘বেংক অৱ বৰোদা’ই শনিবাৰে ঐতিহ্যমণ্ডিত বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰত ১১১ জোপা বৃক্ষৰোপন কৰে৷ বেংক অৱ বৰোদাৰ নগাঁৱৰ জেষ্ঠ শাখা প্রৱন্ধক অতুল চন্দ্র চৌধুৰী, বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্রজেন কাকতি, নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সহকাৰী সম্পাদক ইন্দ্রমোহন বৰুৱা, সদস্য বিপিন বৰা, মণ্টু বৰা, বেংক অৱ বৰোদাৰ নগাঁও শাখাৰ প্রৱন্ধক দীপক গুপ্তা, বিষয়া চিপ্রা দাস, প্রয়াগৰাজ সিং, দেৱেন গগৈ, বুবুল বৰা, জ্যোৎস্না বসুমতাৰী, ডিম্পী বৰা আদি উপস্থিত থাকে বৃক্ষৰোপন কাৰ্যসূচীত৷
বটদ্রৱা থানৰ কীৰ্তন ঘৰ চৌহদ, আকাশী গংগাৰ তীৰ আৰু দৌল মন্দিৰৰ বাকৰিত নিম, বকুল, নাহৰ, শিলিখা, কৃষ্ণচূড়া, লেটেকু আদি বিভিন্ন থলুৱা প্রজাতিৰ ১১১ জোপা গছপুলি ৰোপণ কৰা হয়। বেংকটোৰ ১১১তম প্রতিষ্ঠা দিৱস উপলক্ষে বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে৷