বাঘবৰঃ বন বিভাগত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়েও বিচাৰে ৰাজ্যখন সেউজীয়া হওক৷ পাহাৰবোৰ গছেৰে ভৰি পৰক৷ পথৰ দাতিৰ বট বৃক্ষৰ তলত মানুহে জুৰ লওক৷ ৰাজ্য চৰকাৰেও প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধন, ৰোগ নিৰাময় তথা গোলকীয় উষ্ণতা ৰোধৰ বাবে বিভিন্ন ঔষধি গছপুলি ৰোপণ কৰাৰ বাবে কাৰ্যসূচী হাতত লৈছে৷
বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু খোদ বন বিভাগে এই গছ পুলি ৰোপণ কাৰ্যত একাণপতীয়াকৈ ব্যস্ত হৈ পৰা দেখা গৈছে৷ বৰপেটা জিলাৰ বাঘবৰৰ পাহাৰত সোমবাৰে বৰপেটা ৰোড আঞ্চলিক বন বিষয়া কাৰ্যালয়ে বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে বৰপেটা ৰোড আঞ্চলিক বন বিষয়া পুস্পধৰ নাথে।