দলংঘাটঃ সমাজখনত ভাল কাম কৰা মানুহ বহু আছে৷ হয়তো ভাল কাম কৰা মানুহবোৰে প্ৰচাৰ আৰু প্ৰসাৰ নিবিচাৰে৷ নীতিগতভাৱে আত্ম-বিশ্বাসেৰে কাম কৰা মানুহক হয়তো প্ৰচাৰৰ প্ৰয়োজনো নাথাকে৷ দেশৰ-দহৰ হকে কাম কৰা মানুহ আমাৰ ৰাজ্যত অলেখ আছে৷ কোনোৱে দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীক পঢ়ুৱাইছে, আন কোনোৱে বিনামুলীয়াকৈ কাৰোবাৰ সন্তানক চিকিৎসা কৰিছে৷
কোনোৱে যদি দুখীয়াক অন্ন-বস্ত্ৰ, গৃহ সজাই দিছে আন কোনোৱে পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি আহিছে৷ তাৰ মাজতে দৰং জিলাৰ দুই যুৱকে গোলকীয় উষ্ণতা ৰোধৰ বাবে কাম কৰি আহিছে৷ পৃথিৱীখনৰ বাবে ভয়ানক প্ৰত্যাহ্বান গোলকীয় উষ্ণতা।