মুছলপুৰঃ প্লাষ্টিকৰ কণীৰ পিছত এইবাৰ প্লাষ্টিকৰ চাউল! এই চাউল কোনো সাধাৰণ দোকানৰ পৰা কিনি অনা চাউল নহয়। প্লাষ্টিকৰ চাউল বুলি সন্দেহ ওপজা এই চাউলখিনি আছিল মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা আঁচনিৰ জৰিয়তে যোগান ধৰা চাউল।

বাগছা জিলাৰ সদৰ মুছলপুৰৰ গাতে লাগি থকা কাটলিগাঁৱত সম্ভেদ ওলাইছে এই প্লাষ্টিকৰ চাউলৰ। প্ৰাপ্ত বাতৰি মতে, গাঁওখনৰ উৰ্বশী বসুমতাৰী নামৰ এগৰাকী মহিলাই বহুমুখী সমবায় সমিতিৰ স্থানীয় বিতৰকৰ পৰা যোৱা বৃহস্পতিবাৰে সংগ্ৰহ কৰিছিল চৰকাৰীভাৱে যোগান ধৰা অন্ন সুৰক্ষাৰ চাউল।

চাউল আনি ঘৰত খোৱাৰ বাবে ৰন্ধাৰ পিছতে ওলাই পৰে চাউলত মিহলি হৈ থকা প্লাষ্টিকৰ কথা৷ ভাতৰ ওপৰত এখন ডাঠ চামনি পৰাৰ লগতে সেই চামনিখন টানি দিয়াত দীঘল হৈ পৰে ৷ একেদৰে ৰন্ধা ভাতখিনিৰ পৰা প্লাষ্টিকৰ দৰে এটা গোন্ধ পোৱাত ওচৰ-চুবুৰীয়াসকলকো  এই বিষয়ে অৱগত কৰে উৰ্বশীয়ে।

ওচৰ-চুবুৰীয়াসকলেও পিছত একাধিকবাৰ চাউলখিনিক লৈ ঘৰুৱাভাৱে পৰীক্ষা-নীৰিক্ষা আৰম্ভ কৰে। চাউলত জুই লগাই দিয়াত প্লাষ্টিকৰ দৰেকৈ জ্বলি যোৱাত হতভম্ব হৈ পৰে ওচৰ-চুবুৰীয়াৰ লগতে সমগ্ৰ গাঁওবাসী।

ফলত আতংকিত হৈ গাঁৱখনৰ অন্ন সুৰক্ষা আঁচনিৰ হিতাধিকাৰী সকলে এতিয়া চৰকাৰীভাৱে যোগান ধৰা চাউলৰ ভাত খোৱাতো বন্ধ কৰি দিছে। ঘটনা সন্দৰ্ভত যোগান বিভাগ আৰু স্থানীয় প্ৰশাসনকো অৱগত কৰোৱা হৈছে।

উল্লেখ্য যে প্লাষ্টিকৰ কণী বজাৰত উভৈনদী হৈ পৰা বুলি ওলোৱা বাতৰিৰ পিছতে তেনে কণীৰ নমুনা পৰীক্ষা কৰি যোগান বিভাগে সেয়া উৰা-বাতৰি বুলি স্পষ্ট কৰি দিছিল। এতিয়া প্লাষ্টিকৰ চাউলক লৈয়ো সৰ্বসাধাৰণৰ মনত উদয় হোৱা সন্দেহ সঁচা নে মিছা সেয়া যোগান বিভাগৰ তদন্তৰ অন্ততহে জানিব পৰা যাব।