মুছলপুৰঃ প্লাষ্টিকৰ কণীৰ পিছত এইবাৰ প্লাষ্টিকৰ চাউল! এই চাউল কোনো সাধাৰণ দোকানৰ পৰা কিনি অনা চাউল নহয়। প্লাষ্টিকৰ চাউল বুলি সন্দেহ ওপজা এই চাউলখিনি আছিল মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা আঁচনিৰ জৰিয়তে যোগান ধৰা চাউল।
বাগছা জিলাৰ সদৰ মুছলপুৰৰ গাতে লাগি থকা কাটলিগাঁৱত সম্ভেদ ওলাইছে এই প্লাষ্টিকৰ চাউলৰ। প্ৰাপ্ত বাতৰি মতে, গাঁওখনৰ উৰ্বশী বসুমতাৰী নামৰ এগৰাকী মহিলাই বহুমুখী সমবায় সমিতিৰ স্থানীয় বিতৰকৰ পৰা যোৱা বৃহস্পতিবাৰে সংগ্ৰহ কৰিছিল চৰকাৰীভাৱে যোগান ধৰা অন্ন সুৰক্ষাৰ চাউল।