Home ৰাজ্যৰঙিয়াত বিশিষ্ট ক্ৰীড়াবিদৰ মৃত্যু

ৰঙিয়াত বিশিষ্ট ক্ৰীড়াবিদৰ মৃত্যু

by News Desk
47 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়াৰ সুদক্ষ ফুটবল খেলুৱৈ তথা হিৰাকাটা হাইস্কুলৰ বিজ্ঞান বিভাগৰ সহঃ শিক্ষক ইদ্ৰীছ খণ্ডকাৰ( ৪৬)ৰ আজি সন্ধিয়া প্ৰায় ৬ বজাত ১ নং তিতকুৰী গাঁৱৰ নিজ গৃহত মৃত্যু ঘটে৷ দীৰ্ঘদিন ধৰি মধুমেহ আৰু যকৃত ৰোগত আক্ৰান্ত হৈ থকা খেলুৱৈ গৰাকীৰ মৃত্যুৰ খৱৰ পোৱা মাত্ৰকে অঞ্চলটোৰ অগণন গুণমুগ্ধই তেখেতৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, প্ৰয়াত খণ্ডকাৰ ৰঙিয়া টাউন ক্লাৱ, ৰঙিয়া চানলাইক ক্লাৱ আদিৰ লগতে কেইবাটাও ক্লাৱৰ হৈ বিভিন্ন ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ উপৰিও ৰঙিয়া ক্ৰীড়া সন্থাৰ হৈ কেইবাখনো গুৰুত্বপূৰ্ণ ফুটবল টুৰ্নামেন্টত অংশগ্ৰহণ কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0