বিশ্বনাথ চাৰিআলিঃ দৰিদ্ৰতাই কোঙা কৰা বিহালীৰ বিহমাৰীৰ এটা কাৰ্বি পৰিয়াল। পৰিয়ালটোৰ মূৰব্বী কাবন ইংতিপি নামৰ মহিলাগৰাকীৰ দুটা সন্তান। হাজিৰা কৰি অতি কষ্টৰে দুয়োটি সন্তানকে পোহপাল দি আহিছে মহিলা গৰাকীয়ে।
এটি ভগা জুপুৰীত বাস কৰা এই পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা। মহিলাগৰাকীৰ কন্যা কুমাৰী দেৱী ছিংনাৰপী আক্ৰান্ত হৈছে এক জটিল ৰোগত। শেহতীয়াকৈ চিকিৎসকে বিভিন্ন পৰীক্ষা-নীৰিক্ষাৰ অন্তত জানিবলৈ দিছে যে যুৱতীগৰাকীৰ ব্ৰেইনত আছে তিনিটাকৈ টিউমাৰ, লগতে ভৰিতো আছে এটা টিউমাৰ।