বৰপেটাঃ কৃষক মুক্তিৰ নেতাক আৰক্ষীয়ে হত্যা চেষ্টা কৰিছিল৷ বৰপেটা আৰক্ষীৰ এগৰাকী বিষয়াই হত্যা কৰাৰ চেষ্টা চলাইছিল৷ এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷ কেৱল ইমানে নহয় কৃষক মুক্তি সংগ্ৰাম চৰকাৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় "অসম চৰকাৰে কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ আপোচহীন প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰ-আৰক্ষী"৷

শুকুৰবাৰে বৰপেটা জিলাৰ বৰপেটা সদৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন স্থানীয় নেতাক হত্যাৰ চেষ্টাৰে মাৰ-ধৰ কৰা বুলি অভিযোগ উত্থাপন কৰি এনেদৰে ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে৷ বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষী বিষয়াজনৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ১০.২০ বজাত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ মূল গেটৰ সন্মুখত নৱজাতক মৃত্যুৰ প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি থকাৰ সময়ত আৰক্ষীয়ে ই-ৰিক্সা সমূহৰ চালকক যধে-মধে মাৰ-ধৰ কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লাচাংগা-গলীয়া আঞ্চলিক সমিতিৰ সম্পাদক বাবুল হুছেইনে আৰক্ষীৰ এই কাণ্ডৰ প্ৰতিবাদ জনোৱাত আৰক্ষীয়ে মাৰ-ধৰ বন্ধ কৰে৷বাবুল হুছেইনে সেই স্থানৰ পৰা আঁতৰি আহি থাকোতে সহকাৰী উপ আৰক্ষী পৰিদৰ্শক জনৈক নৱজিৎ ডেকাই আঞ্চলিক পৰ্যায়ৰ কৃষক নেতা জনক কোন-কি বুলি প্ৰশ্ন কৰে৷

বুবুলে কৃষক মুক্তিৰ কর্মী বুলি জানিবলৈ দিয়াত তেওঁক অকথ্য আৰু অশ্লীল ভাষাৰে গালি-গালাজ কৰে৷ ইমানে নহয় গাড়ীত তুলি বৰপেটা সদৰ থানলৈ লৈ যায়। থানাৰ ভিতৰত বুবুলৰ পকেটৰ পৰা বলপূৰ্বক মোবাইল উলিয়াই নিয়ে৷ উলিয়াই নি আৰক্ষী বিষয়াগৰাকীয়ে মোবাইলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন সভা-সমিতিৰ ফটো-ভিডিঅ প্ৰত্যক্ষ কৰি ক্ষুদ্ধ হৈ পৰে আৰু বুবুলক আক্ৰমণ কৰিবলৈ ধৰে৷ আৰক্ষী বিষয়াজনে বেত আৰু ষ্টিলৰ লাঠীৰে তিনিঘণ্টাৰো অধিক সময় থানাৰ ভিতৰত অবৈধ ভাবে আটক কৰি অত্যাচাৰ চলাই।

অত্যাচাৰ চলোৱাৰ ফলত আঁঠু, পিঠি, হাতত, আঘাত পায় বুবুলে৷ বুবুলে সমস্ত ঘটনা খোদ ব্যক্ত কৰাৰ লগতে মাৰৰ কোবত লাঠিও ভাঙি গৈছিল বুলি কয়। পাছত বৰপেটা জিলা কৃষক মুক্তিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কর্মীজনক আৰক্ষীৰ পৰা নিজৰ জিম্মাত লৈ আহে। পাছত বিয়লিলৈ বৰপেটা সদৰ আৰক্ষী থানাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু ছাত্ৰ নেতা আশ্ৰাফুল হুচেইনৰ নেতৃত্বত যোৱা সঁজাতি দলে এফএএমচি আৰক্ষী চকীত সদৰ আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিনয় কলিতাৰ লগত আলোচনাত মিলিত হৈ অভিযোগ দাখিল কৰে।

শনিবাৰে বৰপেটা সদৰ আৰক্ষীৰ সহকাৰী উপ-আৰক্ষী পৰিদৰ্শক নৱজিৎ ডেকাৰ বৰ্বৰতাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আশ্ৰাফুল ইছলাম, দণ্ডীনাথ বৰ্মণ, ৰফিকুল ইছলাম, কাজী নাজিমূল হ'ক আদিৰ নেতৃত্বত অৰ্ধ শতাধিক কৰ্মীৰ উপস্থিতিত এখন এজাহাৰ দাখিল কৰে৷